NORTHEAST NOW (Assamese)

জাতিৰ স্বাৰ্থত বেলতলা বজাৰত অখিল গগৈ – মীৰা বৰঠাকুৰৰ ঐতিহাসিক মিলন

May 13, 2018 12:36 pm · কল্পজ্যোতি শইকীয়া
Updated: May 13, 2018 12:41 pm

বেলতলা বজাৰত অখিল গগৈয়ে আজি  নিজেই ব্যৱসায়ীসকলক লগ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰুদ্ধে প্ৰচাৰ পত্ৰ বিতৰণ কৰে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাইজৰ মাজত গণ সচেতনতা আনিবৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই অভিযান হাতত লৈছে।

উল্লেখযোগ্য যে বেলতলা বজাৰতে বিজেপিৰ নেত্ৰী মীৰা বৰঠাকুৰেও আজি আৰম্ভ কৰিছে গণস্বাক্ষৰ অভিযান। এনেদৰে হঠাৎ বেলতলা বজাৰৰ মাজ মজিয়াত দুয়ো মুখা মুখি হয় আৰু দুয়ো দুয়োৰে প্ৰশংসাত পঞ্চমুখ হৈ পৰে।

কৃষক নেতা অখিল গগৈয়ে সংবাদ মাধ্যমক কয় যে মীৰা বৰঠাকুৰৰ এই প্ৰচেষ্টা শলাগ ল’বলগীয়া। বিজেপি দলৰ জ্যেষ্ঠ নেত্ৰী হৈয়ো তথা পদবীৰ পৰা আঁতৰ হোৱাৰ ভয় থকাৰ পিছতো চৰকাৰৰ এনে জাতিধ্বংসী সিদ্ধান্তৰ বিৰুদ্ধে ওলাই অহাৰ বাবে তেওঁ ধন্যবাদৰ পাত্ৰ।

আনহাতে বিজেপি নেত্ৰী মীৰা বৰঠাকুৰেও এই বিধেয়কখন সৰ্বভাৰতীয় পৰ্যায়ত বাতিল হ’ব লাগে বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে।

উল্লেখযোগ্য যে বিজেপিৰ নেত্ৰী গৰাকীয়ে আজিৰ দিনটোতে বেলতলা বজাৰত গণস্বাক্ষৰ অভিযান চলাই আছে। তেওঁ লগতে যিমানখিনি স্বাক্ষৰ সংগ্ৰহ হয় আটাইখিনি অখিল গগৈৰ হাতত জমা দিয়া হ’ব বুলিও ঘোষণা কৰে।

আনহাতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা বেদান্ত লস্কৰে আমাৰ সাংবাদিকক জনোৱা অনুসৰি এঘন্টাৰ ভিতৰত তেওঁলোকে প্ৰায় ২০০০ প্ৰচাৰ পত্ৰ বিতৰণ কৰিছে।

তাৎপৰ্যপূৰ্ণভাবে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শেষৰ জন সদস্য জীয়াই থকা পৰ্যন্ত তেওঁলোকে এই বিধেয়কৰ বিৰোধিতা কৰি যাব বুলিও লস্কৰে নৰ্থ ইষ্ট নাওক জানিবলৈ দিয়ে।

বিজেপি নেত্ৰী মীৰা বৰঠাকুৰ আৰু অখিল গগৈৰ মিলনৰ দৃশ্য চাবৰ বাবে এই লিংকত ক্লিক কৰক

https://m.facebook.com/story.php?story_fbid=177110139665347&id=143301876379507

Related News