জাতীয় চৰাই দেওহাঁহৰ আৱাসভূমি দিহিং পাটকাই অভয়াৰণ্যত বৃদ্ধি পাইছে চোৰাং কাঠ মাফিয়াৰ দপদপনি

FB_IMG_1515404243461

অসমৰ জাতীয় চৰাই দেওহাঁহৰ আৱাসভূমি দিহিং পাটকাই অভয়াৰণ্য ধ্বংস হোৱাৰ উপক্ৰম ঘটিছে। ৰাজ্যত এফালে কোটি কোটি টকা খৰচ কৰি বন মহোৎসৱ উদযাপণ কৰি থকা হৈছে আৰু আনফালে বন ধ্বংসৰে কাঠৰ ৰমৰমীয়া বেহা চলোৱাৰ অভিযোগ পোহৰলৈ আহিছে।

উজনি অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ মাজত অৱস্থিত ডিগবৈ বনসংমণ্ডল কাৰ্য্যালয়ৰ অধীনৰ মাৰ্ঘেৰিটা বনাঞ্চালিক কাৰ্য্যালয়ৰ অধীনস্থ দিহিং পাটকাই অভয়াৰণ্যলৈ চৰম ভাবুকি কঢ়িয়াই আনিছে এচাম কাঠমাফিয়া আৰু  বন বিভাগৰ একাংশ বিষয়াৰ কমিছনৰাজৰ ফলত। চোৰাং কাঠ মাফিয়াই বন বিভাগৰ সহযোগত দিহিং পাটকাই  অভয়াৰণ্যৰ লুণ্ঠনত নামি পৰা পৰিলক্ষিত হৈছে।

বিশেষকৈ বনাঞ্চলৰ ভিতৰতে অবৈধভাৱে হস্তচালিত কৰতৰ কাঠ ফলা শাল পাতি কাঠ ফালি চোৰাং কাঠ ব্যৱসায়ীয়ে নিতৌ বিভিন্ন ঠাইলৈ কাঠ সৰবৰাহ কৰি আহিছে যদিও বিভাগীয় লোকৰ দৃষ্টি গোচৰ নোহোৱাটো অতিশয় পৰিতাপৰ কথা বুলি চৰ্চিত হৈছে।

ডিগবৈ বন সংমণ্ডল প্ৰাধিকাৰী বিপুল বৰা আৰু পশ্চিম মাৰ্ঘেৰিটাৰ কুখ্যাত বনাঞ্চলিক বিষয়া পিংকু সিঙৰ ছত্ৰছায়াতে এক বিশৃংখল পৰিৱেশৰ সৃষ্টিৰে ব্যাপক ভাৱে চলোৱা বন ধ্বংসৰ বিষয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে উত্তৰ-পূব ভাৰতৰ বেচৰকাৰী প্ৰকৃতিপ্ৰেমী সংগঠন নেচাৰ্চ বেকনৰ মাৰ্ঘেৰিটা মহকুমা সমিতিয়ে৷

বহু বিতৰ্কিত মাৰ্ঘেৰিটা লিখাজান বন খণ্ড কাৰ্যালয়ৰ বিষয়া অচ্যুত গগৈয়ে দীৰ্ঘদিন ধৰি ডিগবৈ বনসংমণ্ডলৰ অধীনৰ মাৰ্ঘেৰিটা-জাগুন বন আঞ্চলিক কাৰ্য্যালয়ত কৰ্মৰত হৈ থকাৰ অন্তৰালত শীৰ্ষ বনবিষয়াৰ লগত গোপন বুজাবুজি থকাতো নিশ্চিত বুলি অভিযোগ কৰিছে সচেতন প্ৰকৃতিপ্ৰেমী সকলে।

উল্লেখ্য যে বন মাফিয়াই সংৰক্ষিত বনাঞ্চলসমূহৰ মূল্যবান হোলোং, মেকাই, তিতাচপা, লালি, পাহাৰী চপা আদিকে ধৰি বহু মূল্যবান গছ-গছনি কাটি বিভিন্ন ঠাইলৈ প্ৰায়েই সৰবৰাহ হৈ থাকে যদিও কোনো দিনে কিন্তু বন বিভাগৰ বিষয়া-বনৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া অঞ্চলবাসী ক্ষুন্ন হৈ পৰা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে, চোৰাং কাঠ মাফিয়াৰে সু সম্পৰ্ক গঢ়ি কমিছনৰ অংকত ব্যস্ত থকা এই সকল বন বিষয়াই ৰাজ্য চৰকাৰৰ নিৰ্দেশকো অৱমাননা কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। অসমৰ জাতীয় চৰাই দেওহাঁহৰ আৱাসভূমি দিহিং পাটকাই অভয়াৰণ্যৰ মূল্যবান গছ সমূহ  ধ্বংসৰ ফলত অসমৰ জাতীয় চৰাই দেওহাঁ‌হৰ আৱাসভূমিৰ প্ৰতিও চৰম ভাবুকি কঢ়িয়াই অনাত গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰিছে প্ৰকৃতিপ্ৰেমীসকলে।

এইদৰে যদি প্ৰতিদিনে চোৰাং কাঠমাফিয়াই দিহিং পাটকাই অভয়াৰণ্য ধ্বংস কৰি থাকে অতি কম সময়ৰ ভিতৰতে অসমৰ জাতীয় চৰাই দেওহাঁহও নিশ্চিহ্ন হৈ যাব। কিন্তু ৰাজ্য চৰকাৰে বনজ সম্পদ ৰক্ষাৰ বাবে তিলমানো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে৷

স্মৰ্তব্য যে যোৱা দুবছৰ ধৰি তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অধীনৰ আটাইবোৰ সংৰক্ষিত বনাঞ্চল, বন্যপ্ৰাণী অভয়াৰণ্য আদিত দিনে-নিশাই বন ধ্বংস অব্যাহত আছে। এইক্ষেত্ৰত স্থানীয় জনপ্ৰতিনিধি সকলেও চকু মুদা কুলিৰ ভাও দিয়াৰ অভিযোগ উত্থাপন হৈছে। বিশেষকৈ  ডিগবৈ বনসংমণ্ডল বহু বিতৰ্কিত প্ৰাধিকাৰী বিপুল বৰা, পশ্চিম মাৰ্ঘেৰিটা কুখ্যাত বনাঞ্চলিক বিষয়া পিংকু সিং আৰু লেখাজান খণ্ড বনবিষয়া অচ্যুত গগৈক তাৎক্ষণিক ভাৱে শাস্তিমূলক বদলিৰ দাবী উত্থাপন হৈছে অন্যথা দিহিং পাটকাই অভয়াৰণ্য সম্পূৰ্ণ ধ্বংসস্তূপ পৰিণত হ’ব বুলি সংকিত হৈ পৰিছে প্ৰকৃতি প্ৰেমী সংগঠন নেৰ্চাচ বেকনৰ মাৰ্ঘেৰিটা মহকুমা সমিতি।