জাতীয় অৰ্কিড উদ্যানৰ অৰ্কিড ধবংস হ’ব নিদিয়ে ৰাজ্য চৰকাৰে : ৰঞ্জিত দাস

kazirangaorchid_park

কাজিৰঙাৰ ‘জাতীয় অৰ্কিড উদ্যান’ৰ অৰ্কিড ধবংস হ’ব নিদিয়ে ৰাজ্য চৰকাৰে। আজি বৰপেটাত এই মন্তব্য প্ৰদান কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে।

কাজিৰঙাত থকা ‘জাতীয় অৰ্কিড উদ্যান’ৰ ৬ বিঘা মাটি উেচ্ছদ চলোৱাৰ বাবে প্ৰশাসনে ব্যৱস্থা গ্ৰহণৰ পিছত ৰাজ্যজুৰি বিষয়টো চৰ্চিত হৈ পৰাত আজি বৰপেটা আৱৰ্ত্ত ভৱনত সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত এই মন্তব্য প্ৰকাশ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে।

ৰাজ্যজুৰি মাটি বেদখল বিষয়টো প্ৰশাসনে গুৰুত্ব সহকাৰে গ্ৰহণ কৰা বুলি উল্লেখ কৰি তেওঁ চৰকাৰখনক বেদখল বিৰোধী বুলি স্পষ্ট কৰি দিয়ে।

চৰকাৰী খণ্ডত অথবা বেচৰকাৰী খণ্ডত মাটি বেদখল হ’লে আইন অনুযায়ী প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব। তাত চৰকাৰে বাধা আৰোপ কৰাটো কেতিয়াও সমৰ্থন যোগ্য নহয় বুলি তেওঁ কয়।

কাজিৰঙাৰ ‘জাতীয় অৰ্কিড উদ্যান’ৰ অৰ্কিডসমূহ কাৰো ব্যক্তিগত সম্পদ নহয় বুলি মন্তব্য কৰি এই অৰ্কিড সমূহ সংৰক্ষণ কৰাৰ বাবে চৰকাৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলিও দাসে সাংবাদিকক জানিবলৈ দিয়ে।

অখিল গগৈয়ে উক্ত ৬ বিঘা মাটিত গোৰ্খা সকলৰ পৰম্পৰাগত সামগ্ৰী তথা কলাকৃষ্টি সংৰক্ষণৰ বাবে সংগ্ৰহালয় নিৰ্মাণৰ পৰিকল্পনা কৰাৰ প্ৰসংগ উত্থাপন কৰি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত দাসে কয় যে, এই ক্ষেত্ৰত গোৰ্খাসকলৰ কোনো সংগঠনে চৰকাৰক বিষয়টো সন্দৰ্ভত অৱগত কৰা নাই।

গোৰ্খাসকলৰ সংগঠনে চৰকাৰক বিষয়টো অৱগত কৰালে চৰকাৰে নিশ্চয় প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁ আশ্বাস প্ৰদান কৰে।

আনহাতে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে ৬০জন ভোটাৰৰ বিপৰীতে এজনকৈ পৃষ্ঠাপ্ৰমূখ নিয়োগ কৰিব বুলি উল্লেখ কৰি মঙলদৈ লোকসভা সমষ্টিত ইতিমধ্যে ৩১ হাজাৰ পৃষ্ঠাপ্ৰমূখ নিয়োগ কৰা হৈছে আৰু গোটেই ৰাজ্যত ৩ লাখ ৩৩ হাজাৰ পৃষ্ঠাপ্ৰমূখ নিয়োগ কৰা হ’ব বুলি দাসে উল্লেখ কৰে।

বৰ্তমান চৰকাৰৰ কামকাজৰ বাবেই আগন্তুক পঞ্চায়ত নিৰ্বাচনত বিজেপি দলে সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলি দাসে দাবী কৰে।