জাপানৰ বিনিয়োগকাৰীৰ সৈতে মত বিনিময় বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

সদ্যহতে জাপান ভ্ৰমণত থকা অসমৰ বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজিৰ এটা টুইটত তেওঁ ট’কিঅ’ত থকা অসমীয়া সকলক লগ পায় আৰু তাত তেওঁলোকৰ উন্নত অৱস্থান দেখি আনন্দিত হোৱা বুলি কয়। ড০ শৰ্মাই তাত থকা অসমীয়াসকলৰ সৈতে মত বিনিময়ো কৰা বুলি কয়। প্ৰধানতঃ বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ লক্ষ্য লৈ জাপান ভ্ৰমণ কৰা মন্ত্ৰী শৰ্মাই ভাৰতীয় দূতাবাসে আয়োজন কৰা এক ৰ’ডশ্ব’ৰ সময়ত জাপানৰ বিনিয়োগকাৰী তথা ব্যৱসায়ীসকলৰ সৈতেও মত বিনিময় কৰে। তেওঁ অসমত থকা বিনিয়োগৰ সুযোগ, সম্ভাৱনা, নিশ্চয়তা-নিৰাপত্তা সম্পৰ্কত ব্যৱসায়ী তথা উদ্যোগপতিসকলৰ প্ৰশ্নৰ উত্তৰ দিয়ে। প্ৰভাৱশালী মন্ত্ৰীজনে নিজৰ টুইটত উৎপাদন জগতত জাপানৰ সুখ্যাত দৰ্শন কাইজেন আৰু কাইকাকু (Kaizen & Kaikaku)ৰ প্ৰশংসা কৰাৰ লগতে ইয়াৰ দ্বাৰা অনুপ্ৰাণিত হোৱা বুলিও কয়। উল্লেখযোগ্য যে অহা ৩ আৰু ৪ ফেব্ৰুৱাৰিত অসমত এডভাণ্টেইজ আছাম শীৰ্ষক Assam Global Investors’ Summit অনুষ্ঠিত হ’ব। ইয়াত জাপানে গুৰুত্বপূৰ্ণ সহযোগীৰ ভূমিকা ল’ব বুলি গম পোৱা গৈছে। আনহাতে শেহতীয়াকৈ অসম চৰকাৰে অসমক আছিয়ান (ASEAN)ৰ অৰ্থনৈতিক মণ্ডলৰ ক্ষেত্ৰত ভাৰতৰ মূল সাঁকো হিচাপে প্ৰতিষ্ঠিত কৰিব খুজিছে। ইয়াৰ সম্ভাৱনা এইবাবেই উজ্জ্বল যে প্ৰায়বোৰ প্ৰধান প্ৰধান আছিয়ান মহানগৰ ভৌগোলিকভাৱে ভাৰতৰ আন আন প্ৰদেশতকৈ অসমৰ অধিক কাষ চপা। ইয়াত বিনিয়োগৰ পৰিৱেশো যথেষ্ট সুচলতাপূৰ্ণ। এই ক্ষেত্ৰত অঞ্চলটোৰ অৰ্থনৈতিক উন্নয়নৰ বাবে জাপানৰ দৰে দক্ষিণ-পূব এছিয়াৰ সমৃদ্ধিশালী দেশৰ পৰা বিনিয়োগকাৰীক আকৰ্ষণ কৰিব পৰাটো অসম চৰকাৰৰ বাবে হ’ব এটা ডাঙৰ সফলতা। কিন্তু তাৰ বাবে বিনিয়োগকাৰীক প্ৰথমে অহা ৩ আৰু ৪ ফেব্ৰুৱাৰিত ‘এডভাণ্টেইজ আছাম’ শীৰ্ষক অনুষ্ঠানটোলৈ আনিব পাৰিব লাগিব। শেহতীয়াকৈ বিভিন্ন দেশৰ অধিক সংখ্যক বিনিয়োগকাৰীক উক্ত অনুষ্ঠানটোত যাতে ভাগ লোৱাব পৰা যায় সেই উদ্দেশ্যেই অসমৰ কেইবাজনো মন্ত্ৰী-আমোলাই বিদেশ ভ্ৰমণ কৰিছে। জাপানৰ পৰা অধিক লাভৱান হোৱাৰ সম্ভাৱনা থকা বাবেই বোধহয় বিত্তমন্ত্ৰীজন নিজেই জাপান ভ্ৰমণলৈ গৈছে।