জাবৰ নিষ্কাশনৰ ক্ষেত্ৰত কেৰালাৰ আলাপুজা চহৰৰ আৰ্হি গ্ৰহণ মেঘালয় চৰকাৰৰ

জাবৰ নিষ্কাশনৰ ক্ষেত্ৰত কেৰালাৰ আলাপুজা ( Alappuzha ) নগৰ সমিতিৰ বিশেষ ব্যৱস্থাপনা গ্ৰহণ কৰিছে মেঘালয় চৰকাৰে। এই সন্দৰ্ভত জানিবৰ বাবে মেঘালয়ৰ নগৰ উন্নয়ন মন্ত্ৰী হামেলেতচন দলিং, জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী চামলিন মালনিয়াং আৰু চৰকাৰৰ মুখ্য ৱিপ (whip) আগাথা চাংমাৰ নেতৃত্বত এটা দলে এই সপ্তাহত কেৰালাৰ আলাপুজা চহৰ পৰিভ্ৰমণ কৰে।

ভ্ৰমণকালত আলাপুজা নগৰ সমিতিৰ বিষয়ববীয়াৰ সৈতে হোৱা আলোচনাৰ কথা উল্লেখ কৰি দলিঙে কয় ‘নগৰ পালিকা এলেকাত জাবৰ ব্যৱস্থাপনা কিদৰে কৰা যায় সেইলৈ আমি আলাপুজা মডেল সম্পৰ্কে আলোচনা কৰো। অগ্ৰগামী প্ৰকল্পৰূপে শ্বিলং আৰু তুৰাত অতি শীঘ্ৰে ইয়াৰ কাম আৰম্ভ হ’ব।’

মেঘালয়ত ২০২২ চনত হ’ব লগা ৰাষ্ট্ৰীয় ক্ৰীড়াৰ পূৰ্বেই ৰাজ্যখনক জাবৰ-মুক্ত কৰি তোলাৰ বাবে চৰকাৰে লক্ষ্য নিৰ্ধাৰণ কৰা বুলি জনাইছে মন্ত্ৰী দলিঙে।

আনহাতে আলাপুজাত থকা বিকেন্দ্ৰীকৃত ব্যৱস্থাই প্ৰত্যেক ঘৰ মানুহকে পৰিৱেশ অনুকূল কৰি তোলা বুলি উল্লেখ কৰি আগাথা চাংমাই জনায় যে তাত প্ৰত্যেক ঘৰৰে পাছ চোতালত ঘৰুৱা জাবৰৰ ব্যৱস্থা লগোৱাৰ দিহা আছে।

উল্লেখযোগ্য যে ৰাষ্ট্ৰ সংঘৰ পৰিৱেশ কাৰ্য্যসূচীৰ অধীনত সফল আৰু বহনক্ষম জাবৰ ব্যৱস্থাপনা গঢ়ি তোলাৰ বাবে আলাপুজাই বিশেষ কৃতিত্ব আৰু স্বীকৃতি লাভ কৰিছে আৰু এই ব্যৱস্থা বিশ্বৰ ভিতৰতে অন্যতম শ্ৰেষ্ঠৰূপে জনাজাত।

২০১৬ চনত ভাৰতৰ বিজ্ঞান আৰু পৰিৱেশ কেন্দ্ৰই আলাপুজাক দেশৰ আটাইতকৈ নিৰ্মল চহৰ হিচাপে ঘোষণা কৰিছিল।

আলাপুজাৰ জনসংখ্যা ১৭৪,১৬৪ গৰাকী। কেৰালাৰ ই হ’ল আটাইতকৈ বেছি স্বাক্ষৰ জিলাৰ ভিতৰত তৃতীয়তম।