জামিন পালে মুকেশ হুণ্ডাইৰ স্বত্বাধিকৰী ঋষভ হিম্মত্সিংকাই
নিজৰ প্ৰতিষ্ঠানৰ কৰ্মচাৰীক শাৰীৰিকভাৱে অপদস্থ কৰি কাৰাবাসী জীৱন কটাব লগীয়া হোৱা মুকেশ হুণ্ডাইৰ স্বত্বাধিকাৰী ঋষভ হিম্মত্সিংকাই আজি পুনৰ মুকলি আকাশৰ তললৈ অহাৰ সুযোগ পাইছে।
৮ দিন ধৰি কেন্দ্ৰীয় কাৰাগাৰৰ নিৱাসী হৈ থকাৰ পিছত আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে অভিযুক্তজনৰ জামিন মঞ্জুৰ কৰাত সকাহ পায় পৰিয়ালটোৱে। যোৱা ৮ জুলাইৰ পৰাই তেওঁ গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ নিৱাসী হৈ আছিল।
উল্লেখযোগ্য যে যোৱা ৪ জুলাইত কমল দাস নামৰ কৰ্মচাৰীজনক প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী ঋষভ হিম্মৎসিংকাই কাণত ধৰাই আঁঠু কঢ়াই থোৱাৰ দৃশ্য সম্বলিত এটা ভিডিঅ’ দেখা গৈছিল। ইয়াৰ পিছতে সমগ্ৰ ৰাজ্যখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ঘটনা সন্দৰ্ভত অৰ্কিড ইণ্ডিয়াই ঋষভ হিম্মৎসিংকাৰ বিৰুদ্ধে দিচপুৰ থানাত গোচৰ দিছিল। লগতে ভুক্তভোগী কমল দাসেও ৬ জুলাইৰ দিনা গোচৰ দিয়ে। এই গোচৰৰ ভিত্তিত পলাতক ঋষভ হিম্মৎসিংকাক দিচপুৰ আৰক্ষীয়ে ৮ জুলাইত সোণাপুৰৰ দিচাং ৰিজ’ৰ্টৰ পৰা গ্ৰেপ্তাৰ কৰি জেইললৈ প্ৰেৰণ কৰিছিল।
আনহাতে কৃষক মুক্তিৰ নেতা অখিল গগৈ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, লাচিত সেনা, সদৌ অসম উন্নয়ন পৰিষদ আদি সংগঠনে ঘটনাটোৰ তীব্ৰ প্ৰতিবাদ কৰিছিল। পিছত মুকেশ হুণ্ডাই এই সংগঠনকেইটাৰ নেতৃত্বৰ চুক্তিত চহী কৰে যে স্বত্বাধিকাৰী ঋষভ হিম্মৎসিংকাই ৰাজহুৱাকৈ ক্ষমা নোখোজা পৰ্য্যন্ত মুকেশ হুণ্ডাইৰ গণেশগুৰিস্থিত শ্ব’ৰূম আৰু ছাৰ্ভিচ চেণ্টাৰ বন্ধ থাকিব। চুক্তিমতে, বন্ধৰ সময়ছোৱাত সকলো কৰ্মচাৰীয়ে ছুটী লাভ কৰাৰ লগতে দৰমহাও পাব।
এই চুক্তি মতেই ঋষভ হিম্মৎসিংকাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা পিছদিনাই, অৰ্থাৎ ৯ জুলাইৰ দিনা হিম্মৎসিংকা পৰিয়ালে সংবাদমেল দি ৰাজহুৱাকৈ ক্ষমা খোজে। ক্ষমা খোজাৰ লগতে তেওঁলোকে চুক্তিমতে ক্ষমা খোজা বুলি উপৰোক্ত সংগঠনকেইটাৰ নেতৃবৰ্গলৈ পত্ৰ প্ৰেৰণ কৰে। তাৰ পিছৰ পৰাই গণেশগুৰিস্থিত মুকেশ হুণ্ডাইৰ কাম-কাজ পুনৰ স্বাভাৱিকভাৱে চলোৱা দেখা গৈছে।