NORTHEAST NOW (Assamese)

জামুগুৰিহাটত পথ দুৰ্ঘটনা : জুইৰ সূত্ৰপাত ঘটি চালক নিহত

December 6, 2017 1:31 pm · এন ই নাও নিউজ ব্যুৰো
Updated: December 7, 2017 12:07 pm

মঙলবাৰে নিশা শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ বাকোলাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈ দুজন চালকৰ কৰুণ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। বিশেষ সূত্ৰই জনোৱা মতে, ৫ ডিচেম্বৰৰ ৰাতি জামুগুৰিহাটৰ বাকোলাত ৰাজপথতে এখন টেংকাৰ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ হয়৷ ফলত দুয়োখন গাড়ীৰে সন্মুখ ভাগৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হয়। সন্মুখৰ অংশ ইমান বেয়াকৈ ভাগি গৈছিল যে চালক দুজন গাড়ীৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহিব পৰা নাছিল। কিছু সময়ৰ পিছতে দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনত জুইৰ সূত্ৰপাত হয়। ফলত গাড়ী দুখনত আবদ্ধ হৈ থকা চালক দুজনৰ কৰুণ মৃত্যু হয়৷ হেণ্ডিমেন মোকলেছ আহমেদ কোনোমতে ৰক্ষা পৰে। দুৰ্ঘটনাত পতিত গাড়ীকেইখনৰ মাজৰ চিমেণ্ট কঢ়িয়াই নিয়া ট্ৰাকখন (AS-07-C-3581) গুৱাহাটীৰ পৰা লখিমপুৰলৈ গৈ আছিল আৰু তেলৰ টেংকাৰখন (AS-07-C-7961) বিপৰীত দিশৰ পৰা আহি আছিল। জানিব পৰা মতে ট্ৰাকখনৰ চালকজন মৰিগাওঁ জিলাৰ চফিকুল আহমেদ। টেংকাৰখনৰ চালকজনক চিনাক্ত কৰিব পৰা হোৱা নাই। সূত্ৰটোৱে কোৱামতে অগ্নিনিৰ্ব্বাপক বাহিনীৰ তিনিখন গাড়ী আহি প্ৰায় তিনিঘণ্টাৰ পাছত জুই নুমুৱাবলৈ সক্ষম হয়। এই অগ্নিকাণ্ডৰ ফলত প্ৰায় ৪ ঘণ্টা সময় পথত তীব্ৰ যানজঁটৰ সৃষ্টি হৈছিল।

Related News