জামুগুৰীহটীয়া ৰাইজৰ সামূহিক উদ্যমেৰে দুশ বছৰ পাৰ কৰি আজিও সজীৱ বাৰেচহৰীয়া ভাওনা

জামুগুৰিহাটৰ পকামূৰা পথাৰত আজিৰ পৰা আৰম্ভ হ’ল জামুগুৰিৰ গঞাই বুকুৰ উমেৰে জীয়াই ৰখা বাৰেচহৰীয়া ভাওনাৰ এইবাৰৰ পৰ্ব।

আগৰ দিনত বাৰেচহৰীয়া মণ্ডপ প্ৰস্তুতি

ভাবিয়ে ভাল লাগে অসমৰ এখন বৃহৎ গাঁৱৰ মানুহে খেতি চপোৱাৰ পিছত ৰাজহুৱা বিনোদনৰ বাবে সামূহিক উদ্যোগেৰে পতা এটা গঞা নাট্য পৰম্পৰাৰ প্ৰতি দুশ বছৰৰ পিছতো আজিৰ জামুগুৰীয়া ডেকা-গাভৰুৰ অন্তৰতো জাগে সেই প্ৰাচীন উদ্দীপনা।

১৭৯৭ চনত শোণিতপুৰ জিলাৰ জামুগুৰি অঞ্চলৰ বহুবিলাক গাওঁ একেলগ হৈ শুকাইগিৰি নামৰ এজন গঞাৰ উদ্যোগত জামুগুৰিহাটৰ ৰঘুদলনি পথাৰত প্ৰথমবাৰৰ বাবে আৰম্ভ কৰিছিল এই বাৰেচহৰীয়া ভাওনা। ‘বাৰে’ মানে বহুবিলাক, ‘চহৰ’ মানে গাওঁ আৰু ‘ভাওনা’ হ’ল মহাপুৰুষ শংকৰ্দেৱে আৰম্ভ কৰা অসমীয়া নাট্য পৰম্পৰা।

প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে জামুগুৰিৰ ৰাইজে বিৰাট উৎসাহেৰে পৰম্পৰাগতভাৱে আজি দুই শতিকাতকৈও অধিক কাল ধৰি সজীৱ কৰি ৰাখিছে অসমীয়া গঞাৰ এই গৌৰৱময় সমূহীয়া সাংস্কৃতিক উদ্যোগ।

এপাহ ফুলি থকা পদুমাকৃতিৰ এক বৃহৎ, ৩০/৪০ হাজাৰ মানুহ ধৰা, প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় বাৰেচহৰীয়া ভাওনা।

বাৰেচহৰীয়াৰ পৰম্পৰাগত পতাকা উত্তোলনৰ দিনাৰ পৰাই আৰম্ভ হয় মণ্ডপ সজাৰ কাম। মণ্ডপ সজাত অভিজ্ঞ জ্যেষ্ঠ ‘বৰমেধি’ৰ নিৰীক্ষণত জামুগুৰিৰ ডেকা-ডেকেৰীয়ে অসমত থলুৱাভাৱে সুলভ বাঁহ, কাঠ, বেতেৰে সাজি উলিয়াই এই বিশাল মণ্ডপ য’ত ২০/২২ খন বেলেগ বেলেগ ‘খলা’(মঞ্চ)ত একেলগে চলি থাকে পৃথক পৃথক ভাওনা।

বাৰেচহৰীয়া ভাওনাৰ শিল্প

বাৰেচহৰীয়াৰ এইবাৰৰ উদ্বোধক কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে উল্লেখ নকৰিলেও বাৰেচহৰীয়া ভাওনাৰ আধুনিক ৰূপকাৰ আছিল জামুগুৰিহাটৰ বিখ্যাত লোক শিল্পী ‘শোণিত কোঁৱৰ’ গজেন বৰুৱা।

শোণিত কোঁৱৰে বাৰেচহৰীয়া ভাওনাৰ প্ৰত্যেক দিশ সামৰি আঁকিছিল বিভিন্ন তৈল চিত্ৰ। ফুলি থকা পদুম আকৃতিৰ দৃষ্টিনন্দন মণ্ডপৰো স্ৰষ্টাও আছিল তেৱেঁ।

শোণিত কোঁৱৰ গজেন বৰুৱা

প্ৰধানকৈ অসমৰ বিভিন্ন ঠাইৰ পৰা অহা লাখ লাখ উৎসাহী দৰ্শকে আনন্দ লয় এই ভাওনাৰ।

বাৰেচহৰীয়া ভাওনাৰ সময়ত জামুগুৰিৰ প্ৰত্যেক ঘৰ মানুহৰ ঘৰ ভৰি থাকে ভাওনা চাবলৈ অহা অঙহী-বঙহীৰে।

আলহী আদৰিবলৈ আজিও ৰৈ থাকে কিছুমান মানুহ; এখন ঘৰ নহয়, অসমৰ এটুকুৰা ঠাইৰ প্ৰতিখন ঘৰ।

আজিৰ পৰা ৪ মাৰ্চলৈকে এইবাৰৰ বাৰেচহৰীয়া ভাওনা অনুষ্ঠিত হ’ব।

(এই সকলো তথ্য আৰু ছবি বাৰেচহৰীয়া ভাওনাৰ ৱে’বছাইট www.barechahariabhowna.com চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ টুইটাৰ হেণ্ডলৰ পৰা)