জীৱন বীমাৰ ধনৰ বাবে মৃত ঘোষিত ব্যক্তিৰ গুৱাহাটীত সংবাদমেল

মৃত ঘোষিত হোৱা চামচুল হক চৌধুৰী, গুৱাহাটীত সংবাদমেল দিয়াৰ পিছত সপৰিয়াল দেখা গৈছে।

বিগত ফেব্ৰুৱাৰি মাহতে মৃত বুলি ঘোষিত ডবকাৰ এজন লোকে আজি গুৱাহাটীৰ দিচপুৰ প্ৰেছক্লাবত পত্নী-সন্তানসহ সোঁশৰীৰে উপস্থিত হৈ এখন সংবাদমেল অনুষ্ঠিত কৰে। সংবাদমেল দি ব্যক্তিজনে এই আচৰিত ঘটনাটোৰ আঁৰত থকা কাহিনী ফাদিল কৰিবৰ চেষ্টা কৰে। মৃত ঘোষিত হোৱা চামচুল হক চৌধুৰী নামৰ এই ব্যক্তিজনে সংবাদমেলত জনোৱামতে, ডবকাৰ এজন প্ৰভাৱশালী লোকে চক্ৰান্ত কৰি তেওঁৰ পৰিয়ালক তেওঁক মৃত ঘোষণা কৰাইছিল।

নাজিৰাৰ এখন সাঁচি গছৰ বাগিচাৰ কৰ্মী আৰু মৃত ঘোষিত চামচুল হক চৌধুৰীয়ে আজি সংবাদমেলত প্ৰকাশ কৰা অনুসৰি তেওঁ কৰ্মৰত বাগিচাৰ মালিক ডবকাৰ ৰেজাউল কৰিমে তেওঁৰ নামত বীমা কৰি পাছত তেওঁক মিছাকৈ মৃত্যু হোৱা বুলি ঘোষণা কৰাই বীমাৰ ধন মোকলোৱাৰ চেষ্টা চলাইছিল।

“মই কাম কৰা সাঁচি বাগিচাৰ মালিক ৰেজাউল কৰিমে তেওঁৰ ভাতৃ এনামূল কৰিম, তেওঁৰ মেনেজাৰ কামাল উদ্দিন, মহিবুৰ ৰহমান আৰু হাবিবুৰ ৰহমানৰ সহযোগত মোৰ ক্ষেত্ৰত ষড়যন্ত্ৰ কৰিছে। তেওঁলোকে মোৰ নামত বীমা কৰি মোক মৃত্যু হোৱা বুলি দেখুৱাই বীমাৰ ধন মোকলোৱাৰ বাবে আবেদন কৰিছিল। মোৰ মানুহজনী (পত্নী)ক ধমকি দি আৰু মাৰপিট কৰি বীমাৰ ধন মোকলোৱাৰ বাবে চহী লৈছিল। মই এন আৰ চিৰ কামত মোৰ কৰিমগঞ্জৰ ঘৰলৈ যাওঁতেই এই ঘটনা সংঘটিত হয়। পাছত মোৰ মানুহজনীয়ে মোক এই বিষয়ে ফোনযোগে জনায়। তেতিয়াহে মই এই কথা গম পাও।” সংবাদমেলত এইদৰে কয় চামচুল হক চৌধুৰীয়ে।

তেওঁ লগতে কয় যে ৰাজনৈতিকভাৱে ক্ষমতাশালী ৰেজাউল কৰিমে তেওঁৰ ল’ৰা-ছোৱালীকেইটাক স্কুললৈ যোৱাত বাধা দিয়াৰ লগতে পত্নী আকলিমা বেগমৰ আৰু সন্তানকেইটাকো ঘৰতে আবদ্ধ কৰি ৰাখিছিল। ইয়াৰ উপৰি তেওঁৰ মৃত্যু হোৱা বুলি পত্নী আৰু সন্তানক ক’বলৈ নিৰ্দেশ দিছিল।

ইপিনে, চামচুলৰ পত্নী আকলিমা বেগমে কয়, “ৰেজাউল কৰিম, তেওঁৰ ভাতৃ এনামূল কৰিমে মোক মোৰ স্বামীৰ মৃত্যু হোৱা বুলি বীমা কোম্পানীৰ মানুহৰ আগত ক’বলৈ কৈছিল। অন্যথা মোৰ স্বামী আৰু সন্তানক হত্যা কৰাৰ ভাবুকি দিছিল।”

ৰহস্যজনকভাৱে চামচুল হক চৌধুৰীয়ে তেওঁৰ লগত এই ঘটনা সংঘটিত হোৱাৰ পাছতো আৰক্ষীৰ ওচৰ চপা নাছিল। এই বিষয়ে তেওঁক সোধাত ৰেজাউল কৰিমে ভয়-ভাবুকিৰে তেওঁক আৰক্ষীক জনোৱাৰ পৰা বিৰত থাকিবলৈ কৈছিল বুলি জানিবলৈ দিয়ে।

উল্লেখ্য যে, ডবকা চামচুল হক চৌধুৰী (৩৭) নামৰ লোকজনৰ যোৱা ফেব্ৰুৱাৰি মাহৰ ২০ তাৰিখে মৃত্যু হোৱা বুলি হোজাই সমুহীয়া স্বাস্থ্যকেন্দ্ৰৰ পৰা মৃত্যুৰ প্ৰমাণপত্ৰ দিয়া ঘটনাক লৈ এক চাঞ্চল্যৰ সৃষ্টি হৈছিল। সেই প্ৰমাণপত্ৰৰ দ্বাৰা গুৱাহাটীৰ এক্সাইল বীমা প্ৰতিষ্ঠানত থকা বীমাৰ ‘ডেইথ বেনিফিট’ৰ বাবে চামচুল হক চৌধুৰীৰ পত্নীৰ স্বাক্ষৰিত আবেদন দাখিল হৈছিল। কিন্তু বীমা কোম্পানীটোৰ ফালৰ পৰা কৰা অনুসন্ধানত লোকজনৰ মৃত্যু হোৱাৰ তথ্য মিছা বুলি প্ৰমাণিত হৈছিল।

ইয়াৰ পাছতেই গুৱাহাটীৰ পল্টনবজাৰ থানাত বীমা কোম্পানীটোৱে এখন এজাহাৰ দাখিল কৰিছিল। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে মৃত্যু হোৱা বুলি প্ৰমাণপত্ৰ দিয়া হোজাইৰ এজন চিকিৎসক আৰু লোকজনক কৱৰস্থ কৰাৰ প্ৰমাণপত্ৰ দিয়া গাছতলা কৱৰস্থান কমিটীৰ সম্পাদকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে চামচুল হক চৌধুৰীৰ বিৰুদ্ধেও অভিযান চলায় যদিও তেওঁ পলাতক হৈ আছিল।

আনহাতে, চামচুল হক চৌধুৰীৰ মৃত্যু হোৱা বুলি ডবকাৰ চৰকাৰী গাওঁবুঢ়া মৃদুল লস্কৰেও এখন প্ৰমাণ পত্ৰ দিছিল। কিন্তু পৰবৰ্তী সময়ত কবৰস্থান কমিটীয়ে দিয়া প্ৰমাণ পত্ৰৰ ভিত্তিতহে এই মৃত্যুৰ প্ৰমাণপত্ৰখন দিয়া বুলি এক স্পষ্টিকৰণ গাওঁবুঢ়াই ডবকা থানাত দাখিল কৰে।

ইপিনে জানিব পৰামতে, সংবাদমেলৰ পাছতেই চামচুল হক চৌধুৰীয়ে পল্টনবজাৰ থানালৈ গৈ আত্মসমৰ্পণ কৰে। আৰক্ষীয়ে পল্টনবজাৰ থানাৰ ৫৮৬/২০১৮ আৰু ৬২৭/২০১৮ নম্বৰৰ দুটা গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ  ১২০(বি)/৪২০/৪৬৮/৪৭৫ নম্বৰ ধাৰাত চামচুল হক চৌধুৰীক গ্ৰেপ্তাৰ কৰে।