ৰাষ্ট্ৰীয় জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত বোকাখাতৰ বিক্ৰম চাংমাইৰ নতুন ৰাষ্ট্ৰীয় অভিলেখ

বিক্রম চাংমাই

পুনেৰ বালেৱাড়ী ষ্টেডিয়ামত ২৪ জুনৰ পৰা ২৯ জুনলৈকে চলি থকা জুনিয়ৰ আৰু চাব জুনিয়ৰ একোৱাটিক চেম্পিয়নশ্বিপত বোকাখাতৰ কিশোৰ বিক্ৰম চাংমাইয়ে নতুন ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷

এই ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাৰ জুনিয়ৰ শাখাৰ ২০০ মিটাৰ বাটাৰফ্লাই শাখাত বিক্ৰম চাংমাইয়ে পুৰ্বৰ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰি নতুন অভিলেখেৰে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।

ইয়াৰ উপৰিও বিক্ৰমে ফ্ৰি ষ্টাইলৰ ৪ x ১০০ মিটাৰ আৰু ৪ x ২০০ মিটাৰ শাখাত ৰাষ্ট্ৰীয় অভিলেখেৰে সোণৰ পদক, ৫০ মিটাৰ বাটাৰফ্লাই আৰু ৫০ মিটাৰ ব্ৰিষ্টষ্ট্ৰক শাখাত ৰূপৰ পদক লাভ কৰাৰ উপৰি ৪ x ১০০ মিটাৰ ৰেলিত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় ৷

বোকাখাতৰ নিৱাসী শান্তনু চাংমাই আৰু মিন্টু চাংমাইৰ কনিষ্ঠ পুত্ৰ বিক্ৰম চাংমাই বৰ্তমান নতুন দিল্লীৰ ড৹ ৰাজেন্দ্ৰ প্ৰসাদ সৰ্বোদয় বিদ্যালয়ৰ নৱম মান শ্ৰেণীৰ ছাত্ৰ৷ বিক্ৰমৰ এই সাফল্যত বোকাখাত প্ৰেছ ক্লাব,  বোকাখাত জিলা ক্ৰীড়া সন্থা, মহকুমা সাংবাদিক সন্থা,  ইলেক্ট্ৰনিকচ মিডিয়া জাৰ্নেলিষ্ট এছোচিয়েশ্যনৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছে।