জুবিন গাৰ্গক যক্ষ্মাৰ সজাগতা কাৰ্য্যসূচীৰ ব্ৰেণ্ড এম্বেছাদৰ ঘোষণা

Zubeen Garg

জুবিন গাৰ্গ। ফাইল ছবি।

মাৰাত্মক ৰোগ যক্ষ্মাৰ বিষয়ত বহল ভিত্তিত সজাগতা সৃষ্টি কৰিবৰ বাবে চৰকাৰে অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক সজাগতামূলক কাৰ্য্যসূচীৰ ব্ৰেণ্ড এম্বেছাদৰ ঘোষণা কৰিছে।

উল্লেখযোগ্য যে উপযুক্ত সজাগতা তথা চিকিৎসা ব্যৱস্থাটোৰ বিষয়ত অজ্ঞতাৰ বাবে যক্ষ্মা ৰোগে ৰাজ্যখনত অতি উদ্বেগজনক ৰূপ লৈছে। শেহতীয়া তথ্যমতে অসমত বৰ্তমান ৩৯,১০৯ জন যক্ষ্মাৰোগী আছে। ইয়াৰে কেৱল কামৰূপ জিলাতে ১২২৪ জন ৰোগী আছে।

চৰকাৰে ব্যাপক সজাগতা সৃষ্টিৰ জৰিয়তে এই ৰোগৰ প্ৰাদুৰ্ভাৱ হ্ৰাস কৰাৰ উদ্দেশ্যে এই অভিলাষী কাৰ্য্যসূচী লৈছে। লগতে বহু দিন ধৰি অৱহেলিত তথা জৰাজীৰ্ণ অৱস্থাত থকা লোকপ্ৰিয় গোপীনাথ বৰদলৈ যক্ষ্মা চিকিৎসালয়খনকো নতুন ৰূপ দিবলৈ সিদ্ধান্ত লৈছে।

উল্লেখযোগ্য যে ১৯৫৪ চনতে গুৱাহাটীৰ বিৰুবাৰীত প্ৰতিষ্ঠা হোৱা চিকিৎসালয়খনত পৰ্যাপ্ত সা-সুবিধা নথকাৰ লগতে প্ৰায় অব্যৱহৃত হৈ আছে।

চিকিৎসালয়খনৰ শোচনীয় অৱস্থাৰ পৰিপ্ৰেক্ষিতত চিকিৎসালয় কৰ্তৃপক্ষই চৰকাৰক ইয়াৰ এক উপযুক্ত ব্যৱস্থা ল’বলৈ দাবী জনাই আহিছিল। এই পৰিপ্ৰেক্ষিতত ড’নাৰ মন্ত্ৰ্যালয়ে ২০১২ চনৰ ছেপ্টেম্বৰত চিকিৎসালয়খনক নতুনকৈ নিৰ্মাণ কৰাৰ বাবে ৫২ কোটি টকা আবণ্টন দিছিল।

বৰ্তমান নিৰ্মীয়মাণ অৱস্থাত থকা চিকিৎসালয়খন শীঘ্ৰে কাৰ্যক্ষম হৈ উঠিব বুলি চৰকাৰী সূত্ৰই জানিবলৈ দিছে। এই নৱ নিৰ্মিত চিকিৎসালয়খন ২০০খন বিছনাযুক্ত হোৱাৰ লগতে ইয়াত চি টি স্কেন, পৰীক্ষাগাৰ, চি বি এন এ এ টি মেচিন আদিৰ লগতে এক্স ৰে’ আৰু আলট্ৰাছাউণ্ডৰ সুবিধা থাকিব বুলি সূত্ৰটোৱে জানিবলৈ দিছে।

‘চিকিৎসালয়খনৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূবৰ যক্ষ্মা ৰোগীসকল যথেষ্ট লাভৱান হ’ব।’ এক সাক্ষাৎকাৰত এইদৰে ক’লে চিকিৎসালয়খনৰ অধীক্ষক ডাঃ এন জে দাসে।