জেড নুনিছা অসম ট্ৰাইবেল পৰিষদৰ সাধাৰণ সম্পাদক নিয়োজিত

zed-nunisa-570x320

জেড নুনিছাক অসম গণ কৰিষদে ইয়াৰ জনজাতীয় শাখাটোৰ সাধাৰণ সম্পাদক নিয়োগ কৰিছে। অগপৰ ইতিহাসত এই প্ৰথম বাৰৰ বাবে এগৰাকী ডিমাছা যুৱকক এই পদত এই প্ৰথমবাৰৰ বাবে নিয়োগ কৰা হৈছে। ১১ এপ্ৰিলত অসম ট্ৰাইবেল পৰিষদৰ সভাপতি মুনীন্দ্ৰ বাথায়ে তেওঁক এই পদত নিয়োগ কৰে।

পৃথিবীৰ ভিতৰতে অসম আৰু ডিমা হাচাওক এখন সু্দৰ ঠাই হিচাপে গঢ়ি তোলাৰ বাবে তেওঁ জনসাধাৰণৰ সহযোগিতা বিছাৰে। অগপৰ সভাপতি আৰু মন্ত্ৰী অতুল বৰাই তেওঁক সম্বৰ্ধনা জনায়। অগপত জনজাতীয় নেতাসকলক অধিক গুৰুত্ব প্ৰদান কৰি অহা হৈছে।

নৰ্থ-ইষ্ট নাওক নুনিছাই কৈছে যে তেওঁ সমগ্ৰ অসমৰে অগপ আৰু অসম ট্ৰাইবেল পৰিষদৰ উন্নতিৰ বাবে কাম কৰিব।