NORTHEAST NOW (Assamese)

জে ই ই (এডভান্স)ৰ ফলাফলত উজলিল অসমৰ ১৪৭ প্ৰাৰ্থী

June 12, 2018 2:02 pm · এন ই নাও নিউজ
Updated: June 12, 2018 2:50 pm

সৰ্বভাৰতীয় পৰীক্ষাত পুনৰ মেধাৰ পৰিচয় দিবলৈ সক্ষম হৈছে অসমৰ শিক্ষাৰ্থীয়ে। সৰ্বভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠানত নামভৰ্তিৰ বাবে অসমৰ চাৰিটা মণ্ডল ক্ৰমে গুৱাহাটী, যোৰহাট, তেজপুৰ আৰু শিলচৰত অনুষ্ঠিত হোৱা জে ই ই (এডভান্স) পৰীক্ষাৰ দেওবাৰে ঘোষণা কৰা ফলাফল অনুসৰি মুঠ ১৪৭ গৰাকী পৰীক্ষাৰ্থীয়ে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।

উল্লেখযোগ্য বিষয় এইটোৱে যে উক্ত ১৪৭ বাছনিভুক্ত পৰীক্ষাৰ্থীৰ ভিতৰতে মুঠ ১৫ জনে সৰ্বভাৰতীয় পৰ্যায়ত স্থান লাভ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। সাফল্য লাভ কৰা কৃতী শিক্ষাৰ্থী সকল হ’ল ক্ৰমে পুলিক শ্যাম মুখা, ভাৰ্গৱ গৌতম, মানৱ চিৰলিয়া, মানস বাউল, ৰক্তিমজ্যোতি দাস, অভিজ্ঞান হাজৰিকা, সৌমিত্ৰ দাস, ত্ৰিনয়ন দাস, সন্দীপ কুমাৰ ৰয়, দৃষ্টিৰণ শইকীয়া, চিগাংসা বাগলাৰী, ৰকি হাজোৱাৰী, হেমাংগ সোণোৱাল, মনজিৎ বড়ো আৰু ৰাজজ্যোতি দলে।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে ২০১৮ বৰ্ষৰ বাবে অনুষ্ঠিত বাছনি পৰীক্ষাৰ বাবে পঞ্জীভুক্ত তথা পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ পৰীক্ষাৰ্থী আছিল ২,৭৮৭ জন। ইয়াৰ ভিতৰত ছাত্ৰীৰ সংখ্যা আছিল ৫৪৭ গৰাকী।

তাৎপৰ্যপূৰ্ণভাৱে অসমৰ চাৰিটা মণ্ডলত পৰীক্ষাত বহা পৰীক্ষাৰ্থীসকলৰ তেজপুৰ আৰু শিলচৰ মণ্ডলৰ এজনো পৰীক্ষাৰ্থীয়ে সৰ্বভাৰতীয় পৰ্যায়ত স্থান লাভ কৰিবলৈ সক্ষম নহ’ল।

 

Related News