জে পি চিক সাক্ষ্য দিব উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যৰ ছাত্ৰ সংগঠন নেছ’ই

dr samujjal kumar bhattacharya

নাগৰিকত্ব সংশোধনী বিধেয়কখন সন্দৰ্ভত দল-সংগঠন, ব্যক্তিৰ মত ল’বলৈ কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া সংসদীয় যুটীয়া সমিতিৰ সন্মুখত এখন উমৈহতীয়া মঞ্চৰ পৰা বিৰোধিতা কৰিব উত্তৰ-পূৰ্বাঞ্চলৰ সাতোখন ৰাজ্যৰ আঠটা ছাত্ৰ সংগঠনে। উল্লেখযোগ্য যে উত্তৰ-পূব ছাত্ৰ সংস্থা, নেছ’ হ’ল উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ প্ৰধান প্ৰধান ছাত্ৰ সংগঠনবোৰৰ এখন উমৈহতীয়া মঞ্চ বা উমৈহতীয়া সংগঠন। এই সংগঠনটোৱে অহা ১০ তাৰিখে, সন্ধিয়া সাত বজাত শ্বিলঙত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিব।

বৈঠকৰ পিছতেই উক্ত দিনা শ্বিলঙত যুটীয়া সংসদীয় কমিটীখনে শুনানি লোৱাৰ সময়ত উমৈহতীয়া সংগঠনটোৱে সমিতিখনক নিজৰ স্থিতি অৱগত কৰিব আৰু স্মাৰকপত্ৰ দিব। এই সন্দৰ্ভত ৮ মে’ত নতুন দিল্লীত নেছ’ৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই সাংবাদিকৰ আগত এই কথা জানিবলৈ দিয়ে। তেওঁ জনোৱামতে, সংগঠনটোৱে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ স্পষ্ট বিৰোধিতা কৰিব।

“আমি অকলশৰীয়া নহয়। আমাৰ লগত উত্তৰ-পূবৰ আন ৰাজ্যসমূহৰ ছাত্ৰ সংগঠনসমূহো আছে। আমি সকলোৱেই একত্ৰিতভাৱে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে যুঁজি যাম।” ভট্টাচাৰ্য্যই কয়।

উল্লেখযোগ্য যে যুটীয়া সংসদীয় কমিটীখনে বৰ্তমান অসমত শুনানি লৈ আছে। ইয়াৰ পিছতে অহা ১০ আৰু ১১ মে’ত মেঘালয়ত শুনানি ল’বলৈ যাব। ইতিপূৰ্বে মেঘালয় চৰকাৰে বিধেয়কখনৰ স্পষ্ট বিৰোধিতা কৰিবলৈ কেবিনেট বৈঠকত সিদ্ধান্ত লৈ থৈছে।