কাৰ্বি আংলঙত জৈৱিক চাহ উৎপাদনৰ কৰ্মশালা সম্পন্ন

ATTACHMENT

চাহ উৎপাদনৰ পৰম্পৰাগত ধাৰাৰ পৰা আঁতৰি আহি জৈৱিক উৎপাদনৰ ক্ষেত্ৰত খোজ দিছে অসমৰ কাৰ্বি আংলং জিলাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে। এই উদ্দেশ্য আগত লৈয়ে সোমবাৰে পাহাৰীয়া জিলাখনৰ কেকাং আদং গাঁৱত চাৰিটা ভিন্ন আত্মসহায়ক গোটৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মাজত জৈৱিক চাহ খেতি সন্দৰ্ভত এটি প্ৰশিক্ষণৰ আয়োজন কৰা হয়।

প্ৰথমবাৰলৈ অনুষ্ঠিত হোৱা এই জৈৱিক চাহ খেতিৰ প্ৰশিক্ষণ শিবিৰটোত প্ৰায় ৪৯ গৰাকী ক্ষুদ্ৰ চাহ খেতিয়কক জৈৱিক চাহৰ উৎপাদন সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰা হয়। উল্লেখযোগ্য যে উক্ত ক্ষুদ্ৰ চাহ খেতিয়কসকলে পূৰ্বতে পৰম্পৰাগতভাৱে অৰ্থাৎ প্ৰাকৃতিকভাৱে চাহ খেতি কৰি আহিছিল।এই প্ৰশিক্ষণৰ সময়ছোৱাত স্থানীয়ভাৱে উপলব্ধ গছ- লতাৰ ঔষধি গুণৰ বিষয়ে খেতিয়কসকলক অৱগত কৰোৱা হয়।

উল্লেখযোগ্য যে সোমবাৰৰ প্ৰশিক্ষণ কাৰ্যসূচীত যোৰহাটৰ চাহ গৱেষণা সন্থাৰ মুখ্য উপদেষ্টা বিষয়া ড০ প্ৰদীপ বৰুৱা, আমালগামাটেড প্লেনেটেশ্যনৰ উপ মহাপ্ৰৱন্ধক সঞ্জয় কুমাৰ দত্ত, লেতুকাজান চাহ বাগিচাৰ শীৰ্ষ প্ৰৱন্ধক অৰৱিন্দ অৱস্তি, কাৰ্যবাহী প্ৰৱন্ধক ঋতুৰাজ বৰকটকী, সহকাৰী প্ৰৱন্ধক জামান আহমেদৰ লগতে অন্যান্য বিশিষ্ট লোকসকল উপস্থিত থাকে।

প্ৰশিক্ষণৰ সময়ছোৱাত ভাৰতীয় চাহ ব’ৰ্ডৰ হৈ ড০ দেৱজিত বৰা উপস্থিত থাকি কাৰ্বি আংলঙৰ চাহ খেতিয়কসকলৰ বাবে থকা ব’ৰ্ডৰ বিভিন্ন আঁচনিৰ বিষয়ে অৱগত কৰে।

পাহাৰীয়া জিলাখনৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলক জৈৱিক চাহ খেতি সন্দৰ্ভত অৱগত কৰাৰ উদ্দেশ্যে লেতেকুজান চাহ বাগিচাই গ্ৰহণ কৰা এই পদক্ষেপ শলাগিবলগীয়া। ইয়াৰ জৰিয়তে অদূৰ ভৱিষ্যতে জৈৱিক চাহ খেতিৰ ক্ষেত্ৰখনত কাৰ্বি আংলঙৰ কৃষক সকলে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষণ হ’ব বুলি আশা কৰা হৈছে।