জোৰেথাং মাঘে মেলাই ছিকিমৰ পৰিচয়, ইতিহাস প্ৰতিফলিত কৰে: মুখ্যমন্ত্ৰী

২০১৮ ৰ ছিকিমৰ জোৰেথাং মেলা শুভাৰম্ভ অনুষ্ঠানৰ এটি মুহূৰ্ত

মুখ্যমন্ত্ৰী পৱন কুমাৰ চামলিঙে দেওবাৰে জোৰেথাং খেলপথাৰত অনুষ্ঠিত বাৰ্ষিক জোৰেথাং মাঘে মেলা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। জোৰেথাং মেলাৰ এইবাৰৰ বিষয়বস্তু হৈছে ‘স্মৃতি সজীৱ কৰি তোলক’।

জোৰেথাং মেলা বছৰি মকৰ সংক্ৰান্তিত আৰম্ভ হয় আৰু এই মেলাত এইবাৰ ছিকিমৰ জৈৱিক কৃষিৰ সম্ভাৱনাৰ লগতে ৰাজ্যখনৰ পৰম্পৰা আৰু সংস্কৃতিৰ এক প্ৰদৰ্শন দাঙি ধৰা হৈছে।

উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে তেওঁৰ পত্নী তিকা মায়া চামলিং, মন্ত্ৰী এ কে ঘাটানি, কেবিনেট মন্ত্ৰী, বিধায়ক আৰু জ্যেষ্ঠ চৰকাৰী বিষয়াসকল উপস্থিত থাকে।

উদ্বোধনী ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে জোৰেথাং মেলা আৰম্ভণিৰ পৰা বিকশিত হৈ আহি আজি এক উৎসৱত পৰিণত হৈছে যিয়ে ছিকিমৰ ইতিহাস আৰু পৰিচয়ৰ বৈশিষ্ট্য দাঙি ধৰে। তেওঁ কয় যে এই মেলাই এতিয়া ছিকিমৰ সংস্কৃতি, পৰম্পৰা, খাদ্যাভ্যাস আৰু জনগোষ্ঠীয় পৰম্পৰা প্ৰদৰ্শনৰ এখন মঞ্চ হৈ উঠিছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ছিকিমৰ সকলো সম্প্ৰদায়ৰে তেওঁলোকৰ সংস্কৃতি তথা পৰম্পৰা অনুসৰণ কৰাৰ অধিকাৰ আৰু স্বাধীনতা আছে। বৰ্তমানৰ তেওঁৰ চৰকাৰখনে ছিকিমক উন্নয়নৰ মুলসুঁতিলৈ লৈ যোৱাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছে আৰু লগতে ছিকিমৰ জনসাধাৰণৰ মাজত শান্তি আৰু ভাতৃত্ববোধ অটুট ৰখাৰ প্ৰয়াস কৰি আহিছে।

স্বাস্থ্যখণ্ডৰ লগত জড়িত এলানি আঁচনিৰ কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াত ঘোষণা কৰে। তেওঁ লগতে দ্বিতীয়টো নৱজাতক সন্তানৰ বাবে মাহিলি ৩০০ টকাকৈ ছবছৰৰ বাবে বৃত্তি আগবঢ়াব। ছিকিমৰ জৈৱিক অভিযানৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে জৈৱিক কৃষিয়ে ছিকিমৰ যুৱসকলৰ বাবে ভৱিষ্যতে সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব।

অনুষ্ঠানত ভাষণ দি মন্ত্ৰী এ কে ঘাটানিয়ে জোৰেথাং মেলাৰ ইতিহাস সম্পৰ্কে আলোকপাত কৰে। এই মেলা ৰাজ্যখনত বছৰি ব্যাপক অনুৰাগীৰ উপস্থিতিত উদযাপিত হৈ আহিছে।