জনতাৰ মূৰত ৰামটাঙোন চৰকাৰৰ! ফেব্ৰুৱাৰী মাহতে তৃতীয়বাৰৰ বাবে বৃদ্ধি ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ মূল্য

ফেব্ৰুৱাৰী মাহৰ ভিতৰতে একোটা ছিলিণ্ডাৰৰ মূল্য তিনিবাৰত মুঠ ১০০ টকালৈ বৃদ্ধি

a cylin

যিটো সময়ত নৰেন্দ্ৰ মোদী নেতৃত্বধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰে নিৰ্বাচনৰ বাবে সাজু হোৱা ৰাজ্য কেইখনত এমুঠিমান হিতাধিকাৰী সৃষ্টিৰে বিকাশৰ জয়ঢোল বজাইছে সেই সময়তে মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাৰ অৱস্থা কাহিল কৰি পেলাইছে।

চৰকাৰে চলিত ফেব্ৰুৱাৰী মাহতে এবাৰ দুবাৰকৈ মুঠ তিনিবাৰ বৃদ্ধি কৰিছে ৰন্ধন গেছৰ মূল্য।

আজি পুনৰ চৰকাৰে গৰৱা ভাবে ব্যবহৃত ৰন্ধন গেছৰ মূল্য প্ৰতিটোত ২৩ টকাকৈ বৃদ্ধি কৰে।

কিছুদিন আগতে মোদীৰ চৰকাৰে ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ প্ৰতিটোৰ মূল্য ৫০ টকাকৈ বৃদ্ধি কৰিছিল।

আজি পুনৰ ২৩ টকাকৈ বৃদ্ধি কৰাত ছিলিণ্ডাৰৰ প্ৰকৃত মূল্য ৭৬৯ টকাৰ পৰা ৭৯৪ টকা হৈছেগৈ।

ৰাজ্য ভেদে ছিলিণ্ডাৰৰ দাম বেলেগ বেলেগ হোৱাত ছিলিণ্ডাৰৰ দাম এতিয়া ৮০০ টকাৰ ওপৰত হৈছেগৈ। উল্লেখ্য ফেব্ৰুৱাৰী মাহৰ ৪ আৰু ১৪ তাৰিখে চৰকাৰে তেল কোম্পানীসমূহৰ সৈতে লগলাগি ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ মূল্য দুবাৰকৈ বৃদ্ধি কৰিছিল।

উল্লেখ্য বিগত বৰ্ষৰ ডিচেম্বৰ  মাহতো ছিলিণ্ডাৰৰ মূল্য দুবাৰকৈ বঢ়োৱা হৈছিল।বিগত বৰ্ষৰ ১ ডিচেম্বৰত ছিলিণ্ডাৰৰ মূল্য ৫৯৪ টকাৰ পৰা ৬৪৪ টকা কৰা হৈছিল।

১৫ ডিচেম্বৰত আকৌ সেই মূল্য ৬৯৪ টকালৈ বৃদ্ধি কৰা হৈছিল।

লক্ষ্যণীয় ভাবে মাত্ৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰতে চৰকাৰে একোটা ছিলিণ্ডাৰৰ মূল্য তিনিবাৰত মুঠ ১০০ টকালৈ বৃদ্ধি কৰিলে।

কেৱল বনিয়া গোষ্ঠীৰ তোষণত ব্যস্ত থকা বিজেপি চৰকাৰ খনে কেৱল মাত্ৰ এমুঠি মানুহক সামান্য আৰ্থিক সকাহ দি বাকী লোকসকলৰ জেপ কাটিবলৈ লোৱা কথাই এতিয়া বহুতকে ভবাই তুলিছে।

পৰিৱৰ্তনৰ নামত বিজেপি চৰকাৰৰ পৰা মানুহে এনে পৰিৱৰ্তন আশা নকৰে বুলি বহুতে মন্তব্য কৰিছে।