টংলাত অত্যাধিক বোজা কঢ়িওৱা ১৩ খন ডাম্পাৰ জব্দ

dumpers seized at tangla

অত্যাধিক বোজা কঢ়িওৱা বাহনৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে টংলা আৰক্ষীয়ে, যাৰ পৰিপ্ৰেক্ষিতত যোৱা দুটা দিনত নিৰ্ধাৰিত পৰিমানতকৈ অধিক বোজা কঢ়িওৱা ১৩ খন ডাম্পাৰ জব্দ কৰি টংলা থানাত ভৰাই থোৱা হয়।

জানিব পৰা মতে, মঙলদৈ-ভূটিয়াচাং পথত  অত্যাধিক বোজা কঢ়িওৱা বাহনৰ চলাচল প্ৰতিৰোধ কৰিবলৈ আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে।

আৰক্ষীৰ সূত্ৰই কয় যে জব্দ কৰা উক্ত ডাম্পাৰকেইখনে নিৰ্ধাৰিত সীমাতকৈ অধিক শিল কঢ়িয়াই আনিছিল।

ট্ৰাক চালক বিলাকে দাখিল কৰা চালানসমূহত বিভিন্ন খেলি-মেলি থকাৰ কথা উল্লেখ কৰি এগৰাকী আৰক্ষী বিষয়াই কয়, ‘চালক বিলাকে চালানৰ তাৰিখ সাল-সলনি কৰি একেখন চালানকে বহুবাৰ ব্যৱহাৰ কৰি থাকে। অত্যাধিক বোজা কঢ়িওৱা ট্ৰাক সমূহৰ বিৰুদ্ধে আমি আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম’।

উল্লেখযোগ্য যে মঙলদৈ-ভূটিয়াচাং পথত দ্ৰুতবেগী ট্ৰাকে সঘনে দুৰ্ঘটনা সংঘটিত কৰি টংলা নগৰৰ লগতে ইয়াৰ দাতিকাষৰীয়া অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰিছে। ফলত অঞ্চলটোৰ কেইবাটাও ছাত্ৰ সংগঠনৰ লগতে স্থানীয় লোকসকলে ট্ৰাক তথা ডাম্পাৰ সমূহক মঙলদৈ-ভূটিয়াচাং পথৰ পৰিবৰ্তে পানেৰি-বেংবাৰৈ-মেকেঞ্জি পথটোৰে চলাচল কৰাবলৈ দাবী জনায়।