টংলাত ‘আলফা (স্বা)ৰ যোগাযোগ ৰক্ষাকাৰী’ গ্ৰেপ্তাৰ সেনা-আৰক্ষীৰ : এদশক ধৰি আছিল ‘অ’ভাৰগ্ৰাউণ্ড সদস্য’

ulfa (i)

আলফা (স্বা)ৰ যোগাযোগ ৰক্ষাকাৰী বুলি ওদালগুৰিৰ টংলাত সেনা-আৰক্ষীয়ে কান্তি লাল প্ৰধান ওৰফে ভুৰ্গ’ (২৭ বছৰীয়া) নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে।

সেনা-আৰক্ষীৰ সূত্ৰ মতে চোৰাংচোৱা তথ্যৰ আধাৰত ভাৰতীয় সেনাৰ ১৪ ড’গ্ৰা ৰেজিমেণ্টে টংলা আৰক্ষীৰ সৈতে নিয়মীয়া তহলকালত টংলা আৰক্ষী থানাৰ অন্তৰ্গত ১ নং ৰৌমাৰীৰ এক অস্থায়ী তালাচী চকীত সোমবাৰে তেওঁক আটক কৰিবলে সক্ষম হয়।

ওদালগুৰিৰ ভেৰগাঁৱৰ ওচৰৰ অম্বিকা চাহ বাগানৰ বাসিন্দা যুৱকজনৰ বিৰুদ্ধে পূৰ্বেও অপৰাধৰ অভিযোগ আছিল আৰু সূত্ৰ মতে তেওঁ এলেকাটোত ধন দাবীৰ বহুবিলাক ঘটনাৰ লগত জড়িত।

তেওঁৰ হাতৰ পৰা ৬ জাঁই সজীৱ গুলীৰ লগতে এটা .২২ পিস্তল জব্দ কৰা হৈছে।

সূত্ৰটোৱে দাবী কৰা মতে লোকজনে যোৱা এদশক ধৰি আলফাৰ অ’ভাৰগ্ৰাউণ্ড সদস্য হিচাপে কাম কৰি আহিছে আৰু তেওঁ নিহত আলফা নেতা ৰাজেন ডেকাৰ সহযোগী আছিল।

নিৰাপত্তা বাহিনীৰ সূত্ৰই জিলাখনত তেওঁলোকে উগ্ৰপন্থী বিৰোধী অভিযান তীব্ৰ কৰি তুলিছে বুলি জনাইছে।