পবিত্ৰ বৰদিনৰ দিন চমু চাপি অহাৰ লগে লগে সমগ্ৰ বিশ্বৰ খ্ৰীষ্টিয়ান সমাজৰ লগতে অসমৰ খ্ৰীষ্টিয়ান লোকসকলৰ মাজতো আনন্দ আৰু উৎসাহ দেখিবলৈ পোৱা গৈছে। মন কৰিবলগীয়া যে গোটেই পৃথিৱীজুৰি খ্ৰীষ্টিয়ান লোকসকলে ডিচেম্বৰ মাহৰ প্ৰথম ভাগৰ পৰা প্ৰাক বৰদিন উদযাপনৰ এক পৰম্পৰা চলাই আহিছে, এই উপলক্ষ্যে শুক্ৰবাৰে ওদালগুৰি জিলাৰ টংলাৰ বৰদলৈ ভৱনত প্ৰাক বৰদিন উদযাপনৰ এক অনুষ্ঠান অনুষ্ঠিত হয়। ‘প্ৰেম আৰু ইশ্বৰ’ বাণীৰে ‘কলেজ ষ্টুডেণ্টছ ইভানজেলিকেল য়ুনিয়ন’এ আয়োজিত কৰা উক্ত অনুষ্ঠানটোত যিশু বন্দনাৰ মাজেৰে যথেষ্ট আনন্দ আৰু উৎসাহেৰে উদযাপন কৰা হয়। অসমীয়া বড়ো আৰু ইংৰাজীত আবৃত্তি কৰা গছপেল আৰু যিশু বন্দনাৰে আৰম্ভ হোৱা অনুষ্ঠানটোৱে সভাগৃহত এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰা দেখা যায়। ইয়াৰ পিছতে ৰাধৱ বসুমতাৰীয়ে আৰম্ভণী প্ৰাৰ্থনা পৰিৱেশন কৰে। খগেন বসুমতাৰীয়ে সভাপতিত্ব কৰা অনুষ্ঠানটোত বড়ো জাতীয় খ্ৰীষ্টান কাউন্সিলৰ সভাপতি বেনজ্লাইগ্ৰা মোছাহাৰীয়ে ধৰ্ম প্ৰচাৰক হিচাপে অংশ গ্ৰহণ কৰি তেওঁ যিশুখ্ৰীষ্টৰ জীৱন আৰু তেওঁ বিলাই যোৱা শিক্ষাৰ ওপৰত আলোকপাত কৰাৰ লগতে সকলোকে যিশুখ্ৰীষ্টৰ বাণী অনুকৰণ কৰিবলৈ আহ্বান জনায়। সঞ্জয় নাৰ্জাৰীয়ে আঁত ধৰা অনুষ্ঠানটোত মাধুৰিমা চাংমাৰ সাংস্কৃতিক দলে বড়ো লোক নৃত্য প্ৰদৰ্শন কৰে। অনুষ্ঠানটোত খ্ৰীষ্ট ধৰ্মৰ লোকৰ উপৰি অঞ্চলটোৰ আন আন ধৰ্মীৰ লোকো উপস্থিত থাকে।
টংলাত প্ৰাক-বৰদিন উদযাপন
-
By NE NOW NEWS
- Categories: অসম
Related Content
৭ বছৰ পূৰ্বে ৰে’লৰ পৰা চুৰি হৈছিল যাত্ৰীৰ বেগ, গাফিলতিৰ বাবে ৪.৭ লাখ জৰিমনা বিহিলে ৰে’লৱেক
By
ছাজিদ খান
October 18, 2024 10:36 am
গাজাত ইজৰাইলৰ অভিযানত নিহত হামাছৰ মুৰব্বী ইয়াহিয়া ছিনৱাৰ
By
ছাজিদ খান
October 18, 2024 9:36 am
আই পি এল জুৱা কেলেংকাৰীত গুৱাহাটীত ই ডিৰ জেৰাৰ সন্মুখীন অভিনেত্ৰী তমন্না ভাটিয়া
By
ছাজিদ খান
October 18, 2024 8:46 am
পান্নুন হত্যাৰ ষড়যন্ত্ৰত ভাৰতৰ প্ৰাক্তন RAW ৰ বিষয়াৰ বিৰুদ্ধে আনুষ্ঠানিকভাৱে অভিযোগ উত্থাপন কৰিলে আমেৰিকাই
By
ছাজিদ খান
October 18, 2024 8:11 am
শিক্ষক সমাজক বন্ধা শ্ৰমিকৰ দৰে ব্যৱহাৰ কৰিছে চৰকাৰেঃ ডি ৱাই এফ আই
By
ছাজিদ খান
October 17, 2024 9:16 pm
এইবাৰ অসমত ৰেল দুৰ্ঘটনা! লোকমান্য তিলক এক্সপ্ৰেছৰ ৮টা ডবা লাইনচ্যুত
By
ছাজিদ খান
October 17, 2024 8:27 pm