NORTHEAST NOW (Assamese)

টংলাত সদৌ অসম নন্ ৰেংকিং বেডমিন্টন প্ৰতিযোগিতা আৰম্ভ

December 17, 2017 11:23 am · ছাজিদ খান
ওদালগুৰিৰ জিলা ক্ৰীড়া বিষয়া ভূপেন ৰাভাই শনিবাৰে টংলাৰ চমুৱাপাৰা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত বেডমিন্টন প্ৰতিযোগিতাখন মুকলি কৰাৰ মুহূৰ্তত

টংলা বড়োলেণ্ড ছহিদ সোঁৱৰণি বেডমিন্টন প্ৰতিযোগিতা সমিতিৰ উদ্যোগত আৰু এবছুৰ টংলা গোটৰ সহযোগত ওদালগুৰিৰ টংলাৰ চমুৱাপাৰা প্ৰাথমিক বিদ্যালয় চৌহদত দুদিন ধৰি চলিবলগীয়া সদৌ অসম নন্ ৰেংকিং বেডমিন্টন প্ৰতিযোগিতা-২০১৭’ খন শনিবাৰে সন্ধিয়া মুকলি কৰা হয়।

ক্ৰীড়া প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে মুকলি কৰে ওদালগুৰিৰ জিলা ক্ৰীড়া বিষয়া ভূপেন ৰাভাই। ইয়াৰ আগেয়ে বড়োলেণ্ড জনজাতি সৰক্ষা মঞ্চ আৰু সদৌ বড়ো ছাত্ৰ সন্থাৰ কাৰ্যকৰ্তাসকলে বড়ো আন্দোলনৰ ছহিদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায়।

প্ৰতিযোগিতাখনত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ বহু সংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। প্ৰতিযোগিতাখনত বিজয়ীয়ে নগদ ২০,০০০ টকা আৰু ৰাণাৰ্চ আপে ১০,০০০ টকাৰ পুৰস্কাৰ লাভ কৰিব। তদুপৰি, নগদ ধনৰ লগতে ট্ৰফী আৰু প্ৰমাণ পত্ৰও দিয়া হ’ব।

পুৰুষৰ দ্বৈত শাখাত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনত প্ৰতিযোগীয়ে অংশগ্ৰহণৰ বাবে দেখুওৱা ব্যাপক সঁহাৰিয়ে আয়োজকক উৎসাহিত কৰি তুলিছে।

 

 

Related News