টংলাৰ ৰেইল লাইনত উদ্ধাৰ অচিনাক্ত লোকৰ মৃতদেহ

images20-570x320

শনিবাৰে ওদালগুৰি জিলাৰ টংলা আৰু হৰিশিঙা ৰেইলৱে ষ্টেশ্যনৰ মাজৰ ৰেইল লাইনত এটি উৱলি যোৱা অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে এক ৰহস্যময় পৰিৱেশৰ সৃষ্টি হয়।

ৰেইল লাইনত পৰি থকা মৃত লোকজনৰ আনুমানিক বয়স ৩৫-৪০ মান হ’ব বুলি স্থানীয় লোকে ধাৰণা কৰিছে যদিও এই পৰ্যন্ত লোকজনৰ পৰিচয় জানিব পৰা হোৱা নাই। উল্লেখ্য যে শনিবাৰে স্থানীয় লোকে ৰেইল লাইনত কোনো লোকৰ মৃতদেহ পৰি থকা দেখি তাৎক্ষণিকভাৱে ৰেইলৱে আৰক্ষীক খবৰ দিয়ে বুলি জানিবলৈ দিয়ে।

ঘটনাৰ খবৰ লাভ কৰিয়ে টংলা চৰকাৰী ৰেইল আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

ইফালে ঘটনা সন্দৰ্ভত মুল্কী আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰা বুলিও ৰেইল আৰক্ষী বিষয়া হাছানুৰ জামান আহমেদে জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে অচিনাক্ত মৃত লোকজনৰ পৰিচয় উদ্ধাৰৰ বাবে মৃতদেহটো ৭২ ঘণ্টা মৰ্গত ৰখা হ’ব।