NORTHEAST NOW (Assamese)

টংলা মহাবিদ্যালয়ত কেৰিয়াৰ কাউঞ্চেলিং কৰ্মশালাৰ আয়োজন

April 20, 2018 7:09 pm · ছাজিদ খান

শুকুৰবাৰে টংলা মহাবিদ্যালয়ত কম্পিউটাৰ হাৰ্ডৱেৰ, ছফ্‌টৱেৰ, এনিমেশ্যন, ভিজুৱেল এফেক্টছ, ডিজাইন, ফটোগ্ৰাফি আদিৰ পেছাগত শিক্ষা গ্ৰহণৰ যোগেদি ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰ গঢ়াৰ লগতে দক্ষতা বঢ়োৱাৰ ওপৰত এখন কেৰিয়াৰ কাউঞ্চেলিং কৰ্মশালাৰ আয়োজন  হয়।

মঙলদৈৰ আগশাৰীৰ ব্যক্তিগত অনুষ্ঠান ইগনাইটেড মাইণ্ডে টংলা মহাবিদ্যালয়ৰ “আভ্যন্তৰিণ গুণ মূল্যায়ন কোষ”ৰ (IQAC) সহযোগত এই কৰ্মশালাখনৰ আয়োজন কৰে। প্ৰখ্যাত ফটোগ্ৰাফাৰ আৰু ইগ্‌নাইটেড মাইণ্ডৰ সঞ্চালক উদয়াদিত্য কাশ্যপৰ নেতৃত্বতভিজিত ৰয় আৰু জাহ্নবী ৰয় ডেকাৰ তিনিজনীয়া কাউঞ্চেলিং দলটোৱে কম্পিউটাৰৰ পেছাগত ক্ষেত্ৰসমূহৰ ওপৰত এটা চমু বিৱৰণ ডাঙি ধৰে।

তেওঁলোকে শিক্ষাৰ্থীসকলক কম্পিউটাৰৰ বিশাল ক্ষেত্ৰখনত নিয়োগৰ সুযোগৰ বিষয়ে অৱগত কৰায়। ডিগ্ৰী আৰু যোগ্যতাৰ প্ৰমাণপত্ৰ থকা স্বত্ত্বেও ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বৰ্ধিত নিবনুৱা সমস্যাৱলী সমাধান কৰাৰ ওপৰত ইগ্‌নাইটেড মাইণ্ডৰ সঞ্চালকগৰাকীয়ে জোৰ দিয়ে। তেওঁ আৰু কয় যে সময়ৰ লগে লগে নতুন নতুন পেছা আহি আছে আৰু নিয়োগৰ বজাৰত সেইবোৰৰ চাহিদাও যথেষ্ট।

সময়ৰ সৈতে খোজ মিলাই নিজে ভাল পোৱা পেছা বাছি লোৱাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কেৰিয়াৰ কাউঞ্চেলিঙৰ প্ৰয়োজন থকা বুলিও উদয়াদিত্য কাশ্যপে কয়।

সাম্প্ৰতিক সময়ত চাকৰি দিওতাতকৈ চাকৰি প্ৰাৰ্থীৰ সংখ্যা অধিক। ছাত্ৰ-ছাত্ৰীসকল প্ৰয়োজনীয় ভালেমান পেছাৰ বিষয়ে অৱগত নহয় বাবে সেইবেৰৰ প্ৰতি  আগ্ৰহী হোৱা দেখা নাযায় বুলি ইগ্‌নাইটেড  মাইণ্ডৰ সঞ্চালকগৰাকীয়ে কয়। তেওঁ আৰু কয় যে নিজৰ দক্ষতা সম্পৰ্কে অৱগত হৈ তাক শাণিত কৰিব পাৰিলে নিজৰ পেছাগত দিশটো গঢ়ি তুলিব পাৰি।

কৰ্মশালাটো উদ্বোধন কৰিছিল টংলা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰসেন দৈমাৰীয়ে। অনুষ্ঠানত ভাষণ প্ৰদান কৰিছিল আভ্যন্তৰিণ গুণ মূল্যায়ন কোষৰ সমন্বয়ক ড০ সত্যেন্দ্ৰ শৰ্মা আৰু অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ঘাটেশ্বৰ বৰুৱাই।

উল্লেখ্য যে ইগ্‌নাইটেড  মাইণ্ড হৈছে দৰং আৰু ওদালগুৰিৰ ছাত্ৰ-ছাত্ৰীসকলক এক বিস্তৃত পাঠ্যক্ৰমৰ ডিপ্লমা প্ৰদান কৰা আৰু ব্যক্তিত্ব বিকাশ পাঠ্যক্ৰম প্ৰদান কৰা এনেধৰণৰ একমাত্ৰ অনুষ্ঠান।

Related News