টাংখুল নগা ফ্ৰান্স লেবাৰ কৰ্পছ ফুটবলৰ শতবাৰ্ষিকীত ১৯১৭ ত ফ্ৰান্সত খেলা দলটোক সোঁৱৰণ

১৯১৭ চনত ফ্ৰান্সত ফুটবল খেলা ৬৬ তম লেবাৰ কৰ্পছ ফুটবল দলটিৰ সোঁৱৰণত অনুষ্ঠিত টাংখুল নগা ফ্ৰান্স লেবাৰ কৰ্পছ  ফুটবল শতবাৰ্ষিকী অনুষ্ঠানটি আজি মণিপুৰৰ উখ্ৰুলৰ টাংখুল নগা লং খেলপথাৰত শুভ উদ্বোধনী কৰা হয়।

উৎসৱিট আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৰাজ্যখনৰ একমাত্ৰ মহিলা মন্ত্ৰী সমাজ কল্যাণ বিভাগৰ দায়িত্ব লাভ কৰা নেমচা কিপজেনে। এই ঐতিহাসিক অনুষ্ঠানটিত উপস্থিত থাকি নিজৰ অনন্য অনুভৱৰ কথা ব্যক্ত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে-‘’১৯১৭ চনতে ফ্ৰান্সত ফুটবল খেলিবলৈ যোৱা ঐতিহাসিক টাংখুল লেবাৰ কৰ্পছ দলটোৱে কেৱল টাংখুল নগা সম্প্ৰদায়ৰ যুবকসকলকেই নহয় গোটেই মণিপুৰৰ যুৱককেই নিশিচতভাৱে অনুপ্ৰাণিত কৰিব।

মন্ত্ৰীগৰাকীয়ে ক্ৰীড়া বিশেষকৈ ফুটবলক গোটেই দেশতে জীৱিকাৰ এক উত্তম উৎস হিচাপে গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মণিপুৰক ক্ৰীড়াক্ষেত্ৰৰ সবল পৃষ্ঠভূমি বুলি উল্লেখ কৰি মণিপুৰে ইয়াক আগবঢ়াই লৈ যোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

এই টুৰ্ণামেন্টখনে অধিক যুৱকক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত কৰি তুলিব আৰু বিভিন্ন ক্লাবক আমন্ত্ৰণ কৰি আনি ক্ৰীড়া সংস্কৃতিক তুলি ধৰাৰ প্ৰয়াস কৰা হৈছে। এই মাহৰ ১৮ তাৰিখলৈ চলিবলগীয়া টুৰ্ণামেন্টখন অনুষ্ঠিত কৰাত আগভাগ লৈছে আৰাঙ লীগে আৰু বিভিন্ন সম্প্ৰদায়ৰ মাজত একতা তথা ক্ৰীড়া সংস্কৃতি গঢ়ি তোলাৰ প্ৰচেষ্টা কৰি অহা হৈছে।

মণিপুৰত ক্ৰীড়াৰ প্ৰতি জনসাধাৰণৰ বিশেষ আকৰ্ষণ আছে আৰু যুৱ সম্প্ৰদায়ৰ মাজত ক্ৰীড়াই এক বিশেষ স্থান লাভ কৰি আহিছে। বৰ্তমান দেশৰ ভিতৰতে ক্ৰীড়াৰ ক্ষেত্ৰত মণিপুৰৰ নতুন প্ৰজন্মই প্ৰতিযোগিতাৰ দিশত অভূতপূৰ্ব সাফল্য লাভ কৰিছে। আনকি বিশ্ব ক্ৰীড়া ক্ষেত্ৰতো মণিপুৰৰ খেলুৱৈয়ে দেশৰ সন্মান বৃদ্ধি কৰিবলৈ সক্ষম হৈছে।