টাটা গ্ল’বেল বিৱাৰিজ লিমিটে’ডে অসমৰ চাহ বাগান এৰিবলৈ তৎপৰ হৈ উঠাৰ সম্ভাব্য দহটা কাৰণ

Tata-Global-Beverages

টাটা গ্ল’বেল বিৱাৰিজ লিমিটে’ডে ইতিমধ্যেই শ্ৰীলংকা, ৰাছিয়া আৰু চীনত থকা কোম্পানিটোৰ চাহ আৰু কফি ব্যৱসায়ৰ অংশীদাৰিত্ব বিক্ৰী কৰিছে। এতিয়া চাহ উদ্যোগে চাহৰ দামলৈ সুস্থিৰতা আহিব বুলি আশা কৰা পৰতে ই অসম ত্যাগ কৰিবলৈ বিচাৰিছে।

এই তৎপৰতাৰ কাৰণ কি হ’ব পাৰে?

কাৰণ ১ : টাটা গোটৰ নিয়ন্ত্ৰণাধীন এমেলগেমে’টে’ড প্লেণ্টে’চনচ প্ৰাইৱে’ট লিমিটে’ড উচ্চ উৎপাদন ব্যয়ৰ বাবে চাপৰ সন্মুখীন হৈছে।

কাৰণ ২ : প্লেণ্টে’চন লে’বাৰ এক্টে অনুমোদন কৰা ন্যূনতম মজুৰীতকৈ শ্ৰমিকসকলক অধিক সুবিধা দিব লগা হোৱাৰ বাবে চাহৰ উৎপাদন ব্যয় ব্যাপকভাৱে বৃদ্ধি পাইছে।

কাৰণ ৩ : ন্যূনতম মজুৰী প্ৰদানৰ নিয়ম মানি চলিবলগীয়া নোহোৱাৰ বাবে অধিক সুবিধাজনক স্থানত থকা অসংগঠিত খণ্ডৰ বাবে এপিপিএল চাপত পৰিছে। কিনা পাতেৰে চলোৱা ফেক্টৰীৰ উৎপাদনকাৰীসকলৰ সৈতে এপিপিএলে প্ৰতিযোগিতা কৰিব পৰা নাই।

কাৰণ ৪ : যোৱা ৩ বছৰত এপিপিএলে ৮৫ কোটি টকা লোকচান ভৰিছে। ২০১৬-১৭ চনত ইয়াৰ লোকচানৰ পৰিমাণ আছিল ৪৯ কোটি টকা।

কাৰণ ৫ : এপিপিএলে অসংখ্য বেলেগ বেলেগ প্ৰকল্পত বিনিয়োগ কৰিছে। নগাঁৱৰ কলিয়াবৰত ২০১৫ চনৰ ২৯ জুলাইত ই উত্তৰ-পূবৰ সৰ্ববৃহৎ মছলা প্ৰস্তুতকাৰী গোট এমেলগে’মে’টে’ড স্পাইচ পাৰ্ক স্থাপন কৰিছে। ইয়াত হোৱা বিনিয়োগৰ তুলনাত ঘূৰি অহা লাভ তেনেই কম।

কাৰণ ৬ : এপিপিএলত বিনিয়োগ কৰা বিশ্ব বেংকৰ প্ৰতিষ্ঠান ইণ্টাৰনেচনেল ফিনান্স কৰ্প’ৰে’চনে ইয়াৰ ৩০ মিলিয়নৰ অংশ বিক্ৰী কৰি ওলাই যাব পাৰে। যোৱা বছৰ এপ্ৰিলত ই এনে কৰিব পাৰিলেহেঁতেন যদিও নকৰিলে।

কাৰণ ৭ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰৰ হাতীখুলি চাহ বাগান সম্পূৰ্ণৰূপে জৈৱিক কৰি তোলাৰ ফলত চাহৰ উৎপাদন ব্যাপক হাৰত কমি অহাৰ বাবে ই বৃহৎ লোকচান ভৰিব লগা হয়।

কাৰণ ৮ : হাতীগড় আৰু লেটেকুজানৰ দুটা ফেক্টৰি উন্নীতকৰণত ইয়াৰ বহু টকা ধাৰ হয়। এই ধাৰ পৰিশোধ কৰাতো এপিপিএলৰ বাবে কঠিন হৈ পৰিছিল।

কাৰণ ৯ : ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে এপিপিএলৰ কেইখনমান চাহ বাগান আছে। এই বাগান কেইখনত চাহৰ উৎপাদন আৰু মান নিম্ন। বহু চেষ্টাৰ পিছতো এপিপিএলে এই বাগান কেইখন এৰিব পৰা নাই।

কাৰণ ১০ : কলম্বিয়া আইন বিদ্যালয়ৰ মানৱ অধিকাৰ প্ৰতিষ্ঠানে এক প্ৰতিবেদনত অভিযোগ কৰিছিল যে এপিপিএলৰ শ্ৰমিকসকলক ২ এমে’ৰিকান ডলাৰতকৈও কম দৈনিক মজুৰী দিয়া হয় আৰু এওঁলোকক অতি অমানৱীয় পৰিৱেশৰ মাজত বস্তিত থাকিবলৈ বাধ্য কৰা হয়। এই প্ৰতিবেদনে বিশ্বজুৰি এপিপিএলৰ এক বদনাম আনিলে।