টাটা গ্ল’বেল বিৱাৰিজ লিমিটে’ডে অসমৰ চাহ বাগান এৰিবলৈ তৎপৰ হৈ উঠাৰ সম্ভাব্য দহটা কাৰণ
টাটা গ্ল’বেল বিৱাৰিজ লিমিটে’ডে ইতিমধ্যেই শ্ৰীলংকা, ৰাছিয়া আৰু চীনত থকা কোম্পানিটোৰ চাহ আৰু কফি ব্যৱসায়ৰ অংশীদাৰিত্ব বিক্ৰী কৰিছে। এতিয়া চাহ উদ্যোগে চাহৰ দামলৈ সুস্থিৰতা আহিব বুলি আশা কৰা পৰতে ই অসম ত্যাগ কৰিবলৈ বিচাৰিছে।
এই তৎপৰতাৰ কাৰণ কি হ’ব পাৰে?
কাৰণ ১ : টাটা গোটৰ নিয়ন্ত্ৰণাধীন এমেলগেমে’টে’ড প্লেণ্টে’চনচ প্ৰাইৱে’ট লিমিটে’ড উচ্চ উৎপাদন ব্যয়ৰ বাবে চাপৰ সন্মুখীন হৈছে।
কাৰণ ২ : প্লেণ্টে’চন লে’বাৰ এক্টে অনুমোদন কৰা ন্যূনতম মজুৰীতকৈ শ্ৰমিকসকলক অধিক সুবিধা দিব লগা হোৱাৰ বাবে চাহৰ উৎপাদন ব্যয় ব্যাপকভাৱে বৃদ্ধি পাইছে।
কাৰণ ৩ : ন্যূনতম মজুৰী প্ৰদানৰ নিয়ম মানি চলিবলগীয়া নোহোৱাৰ বাবে অধিক সুবিধাজনক স্থানত থকা অসংগঠিত খণ্ডৰ বাবে এপিপিএল চাপত পৰিছে। কিনা পাতেৰে চলোৱা ফেক্টৰীৰ উৎপাদনকাৰীসকলৰ সৈতে এপিপিএলে প্ৰতিযোগিতা কৰিব পৰা নাই।
কাৰণ ৪ : যোৱা ৩ বছৰত এপিপিএলে ৮৫ কোটি টকা লোকচান ভৰিছে। ২০১৬-১৭ চনত ইয়াৰ লোকচানৰ পৰিমাণ আছিল ৪৯ কোটি টকা।
কাৰণ ৫ : এপিপিএলে অসংখ্য বেলেগ বেলেগ প্ৰকল্পত বিনিয়োগ কৰিছে। নগাঁৱৰ কলিয়াবৰত ২০১৫ চনৰ ২৯ জুলাইত ই উত্তৰ-পূবৰ সৰ্ববৃহৎ মছলা প্ৰস্তুতকাৰী গোট এমেলগে’মে’টে’ড স্পাইচ পাৰ্ক স্থাপন কৰিছে। ইয়াত হোৱা বিনিয়োগৰ তুলনাত ঘূৰি অহা লাভ তেনেই কম।
কাৰণ ৬ : এপিপিএলত বিনিয়োগ কৰা বিশ্ব বেংকৰ প্ৰতিষ্ঠান ইণ্টাৰনেচনেল ফিনান্স কৰ্প’ৰে’চনে ইয়াৰ ৩০ মিলিয়নৰ অংশ বিক্ৰী কৰি ওলাই যাব পাৰে। যোৱা বছৰ এপ্ৰিলত ই এনে কৰিব পাৰিলেহেঁতেন যদিও নকৰিলে।
কাৰণ ৭ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰৰ হাতীখুলি চাহ বাগান সম্পূৰ্ণৰূপে জৈৱিক কৰি তোলাৰ ফলত চাহৰ উৎপাদন ব্যাপক হাৰত কমি অহাৰ বাবে ই বৃহৎ লোকচান ভৰিব লগা হয়।
কাৰণ ৮ : হাতীগড় আৰু লেটেকুজানৰ দুটা ফেক্টৰি উন্নীতকৰণত ইয়াৰ বহু টকা ধাৰ হয়। এই ধাৰ পৰিশোধ কৰাতো এপিপিএলৰ বাবে কঠিন হৈ পৰিছিল।
কাৰণ ৯ : ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে এপিপিএলৰ কেইখনমান চাহ বাগান আছে। এই বাগান কেইখনত চাহৰ উৎপাদন আৰু মান নিম্ন। বহু চেষ্টাৰ পিছতো এপিপিএলে এই বাগান কেইখন এৰিব পৰা নাই।
কাৰণ ১০ : কলম্বিয়া আইন বিদ্যালয়ৰ মানৱ অধিকাৰ প্ৰতিষ্ঠানে এক প্ৰতিবেদনত অভিযোগ কৰিছিল যে এপিপিএলৰ শ্ৰমিকসকলক ২ এমে’ৰিকান ডলাৰতকৈও কম দৈনিক মজুৰী দিয়া হয় আৰু এওঁলোকক অতি অমানৱীয় পৰিৱেশৰ মাজত বস্তিত থাকিবলৈ বাধ্য কৰা হয়। এই প্ৰতিবেদনে বিশ্বজুৰি এপিপিএলৰ এক বদনাম আনিলে।