টিএমচিৰ প্ৰতিনিধিক জনসাধাৰণক সাক্ষাতৰ অনুমতি দিবলৈ অসমৰ মুখ্য সচিবলৈ সাংসদ সুস্মিতা দেবৰ পত্ৰ

Sushmita-Deb-570x320

শিলচৰ লোকসভা সমষ্টিৰ সাংসদ সুস্মিতা দেবে তৃণমূল কংগ্ৰেছৰ প্ৰতিনিধি দলটোক শান্তি ভংগ নকৰাকৈ জনসাধাৰণক সাক্ষাতৰ অনুমতি দিবলৈ ৰাজ্যিক প্ৰশাসনক অনুৰোধ জনাইছিল। তৃণমূল কংগ্ৰেছৰ প্ৰতিনিধি দলটো শিলচৰ বিমান বন্দৰত উপস্থিত হোৱাৰ পূৰ্বে আৰু পৰৱৰ্তী সময়ত অসম আৰক্ষীৰে সৈতে খণ্ডযুদ্ধত অৱতীৰ্ণ হোৱাৰ পূৰ্বে সাংসদগৰাকীয়ে অসমৰ মুখ্য সচিবলৈ এই পত্ৰখন প্ৰেৰণ কৰিছিল।

আগষ্টৰ ২ তাৰিখে মুখ্য সচিবলৈ প্ৰেৰণ কৰা পত্ৰখনত সুস্মিতা দেবে লিখিছিল, ‘‘ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশৰ পাছত শান্তি বাহাল ৰখাটো প্ৰথম কথা। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ (AITC) সাংসদৰ প্ৰতিনিধি দলটো শিলচৰ বিমান বন্দৰত উপস্থিত হ’ব। কাচাৰ জিলা প্ৰশাসনে জিলাখনত ১৪৪ ধাৰা জাৰী কৰিছে।

মই ইয়াৰ আভাস পোৱা নাই, অৱশ্যে মোৰ বিনম্ৰ অনুৰোধ এই যে শান্তি ভংগ নকৰাকৈ তেওঁলোকে যিকোনো লোককে সাক্ষাত কৰিব পাৰে। গণতন্ত্ৰ বজাই ৰখাৰ বৃহত্তৰ স্বাৰ্থত জনসাধাৰণক সাক্ষাতৰ অনুমতি দিয়া উচিত।’’

সুস্মিতা দেবে অসমৰ মুখ্য সচিবক অনুৰোধ জনাইছিল যাতে সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ প্ৰতিনিধি দলটোক শান্তি ভংগ নকৰাকৈ আৰু গণতন্ত্ৰ বজাই ৰখাৰ বৃহত্তৰ স্বাৰ্থত জনসাধাৰণক সাক্ষাতৰ অনুমতি দিয়া হয়।