অসম চৰকাৰৰ কৃষি বিভাগে ট্ৰেক্টৰ বিতৰণৰ ক্ষেত্ৰত চলাইছে ভয়ংকৰ কেলেংকাৰী। জেম পৰ্টেলৰ পৰা চৰকাৰী ৰাজসাহাৰ্য্যৰে ট্ৰেক্টৰ ক্ৰয় কৰি বিনামূলীয়াকৈ প্ৰদান কৰিব পাৰে কৃষি বিভাগে।
আজিৰ এক সংবাদ মেল যোগে এই মন্তব্য কৰে কৃষক নেতা অখিল গগৈয়ে।
এই সন্দৰ্ভত কৃষক নেতাজনে কয় ‘পূৰ্বৰ বাজেটত ঘোষণা কৰা হৈছিল যে মুখ্য মন্ত্ৰীৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত ২৬,০০০ খন গাঁৱৰ ২০০০টা গোটক এই ট্ৰেক্টৰ সমূহ বিতৰণ কৰা হ’ব। লগতে এই যোজনাৰ জৰিয়তে গাঁৱলীয়া পৰিবেশটোৱেই সলনি কৰি দিয়া হ’ব বুলি বাজেটত ঘোষণা কৰিছিল।’
অখিল গগৈয়ে মন্তব্য কৰে যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ঘোষণা কৰা অনুসৰি এইটোৱেই হৈছে বিজেপি চৰকাৰৰ আটাইতকৈ বৃহৎ সপোনৰ প্ৰকল্প।
তদুপৰি কৃষক নেতাজনে গাঁৱৰ কৃষকসকলে ট্ৰেক্টৰ ক্ৰয় কৰাৰ বাবদ লোৱা ঋণৰ সুত পৰিশোধ কৰিবলগীয়া হৈছে যদিও ট্ৰেক্টৰ পোৱা নাই বুলি মন্তব্য কৰে।
তেওঁৰ মতে ‘সোণালিকা নামৰ ট্ৰেক্টৰ জেম পৰ্টেলত দাম ৪,৪২,৫৯২ টকা, এচ(এচই) কোম্পানীৰ ট্ৰেক্টৰৰ মূল্য ৪,০০,৯৯৯ টকা, এচকৰ্ট কোম্পানীৰ ট্ৰেক্টৰৰ মূল্য ৫,০২,৮৫৫ টকা, টাফ কোম্পানীৰ ট্ৰেক্টৰত ৫,৩০,৯২২ টকা আৰু স্বৰাজ কোম্পানীৰ ট্ৰেক্টৰৰ মূল্য ৫,০৮,৩৯৪ টকা।’
এই সন্দৰ্ভত ৰাজসাহায্যতকৈ কম দামত কিনিবলগীয়া ট্ৰেক্টৰত কিয় ৩০ শতাংশ ধন গাঁৱলীয়া চহা কৃষকে ভৰিবলগীয়া হ’ল বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে।
ইয়াৰোপৰি জেম পৰ্টেল কোম্পানীৰ পৰা চৰকাৰে ট্ৰেক্টৰ ক্ৰয় কৰাৰ বিপৰীতে ফাৰ্মাৰ্চ পৰ্টেলৰ পৰা ২ লাখ টকাতকৈ অধিক ধন দি ট্ৰেক্টৰ ক্ৰয় কৰিছে বুলি তেওঁ সংবাদমেলত সদৰী কৰে।
কৃষি বিভাগত দুৰ্নীতি চলাৰ অভিযোগ তুলি তেওঁ কয়, ‘কেৱল আমোলা-বিষয়া আৰু মন্ত্ৰীয়ে কমিচন লাভ কৰাৰ অংকত গাঁৱলীয়া চহা কৃষকৰ ওপৰত লুন্ঠনৰাজ আৰম্ভ কৰিছে।’
সংবাদমেলত কৃষক নেতাজনে অসম বিধান সভাত সদন কমিটি গঠন কৰি কেলেংকাৰীৰ সৈতে জড়িত বিষয়াৰ ওপৰত তদন্ত কৰাৰ দাবী জনোৱাৰ লগতে মুখ্য মন্ত্ৰী তথা কৃষি মন্ত্ৰীকো তদন্তৰ আওতালৈ আনিবলৈ কয়।
২০১৭ চনৰ ৬ ডিচেম্বৰত বড়োলেণ্ডত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বড়োলেণ্ড স্বায়ত্ব শাসিত পৰিষদে মুঠ ২,৮৮৯ খন ট্ৰেক্টৰৰ ১০৮৯ খন মহিন্দ্ৰা কোম্পানী আৰু ১০০০ খন স্বৰাজ কোম্পানীৰ পৰা ক্ৰয় কৰি চৰকাৰৰ কৃষি বিভাগে অন্য ট্ৰেক্টৰ কোম্পানীসমূহক বঞ্চিত কৰাৰ অভিযোগ তুলে কৃষক নেতাজনে।