ঠিকাভিত্তিক শিক্ষকৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দাবীত গুৱাহাটীত প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ অৱস্থান ধৰ্মঘট

২০১২ চনৰ পৰা কৰ্মৰত ঠিকাভিত্তিক শিক্ষক সকলৰ দীৰ্ঘদিনীয়া সমস্যা সমূহৰ সমাধানৰ দাবীত আজি ‘সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ’ৰ উদ্যোগত মহানগৰীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰা হয়।

তেওঁলোকে আজি উত্থাপন কৰা দাবীসমূহ হৈছে:

বিনাচৰ্তে ২০১২ পৰা আৰম্ভ কৰি সকলো কৰ্মৰত ঠিকাভিত্তিক শিক্ষক সকলক বেতন সুৰক্ষা প্ৰদান কৰি নিয়নীয়া কৰণ কৰা।

নিম্ন প্ৰাথমিক বিদ্যালয়ক স্নাতক প্ৰশিক্ষণ প্ৰাপ্ত শিক্ষক সকলক গ্ৰেড পে ৮৭০০ প্ৰদান কৰা।

দুৰ্গম অঞ্চলত কৰ্মৰত শিক্ষয়িত্ৰী সকলক সুগম অঞ্চললৈ বদলি কৰা।

ঠিকাভিত্তিক শিক্ষয়িত্ৰী সকলৰ বাবে মাতৃত্ব জনিত ছুটি (CCL)ৰ ব্যৱস্থা কৰা।

গুণগত শিক্ষাৰ বাবে শ্ৰেণী অনুযায়ী শিক্ষক নিযুক্তি দিয়া।

ছাত্ৰ-ছাত্ৰীৰ বাবে পাঠ্যপুথি, অভ্যাসন বহী, সমসাজ(Uniform) সময়মতে যোগান ধৰা।

অসমৰ ভৌগলিক আৰু সামাজিক ক্ষেত্ৰত যথোপযুক্ত গুৰুত্ব প্ৰদান কৰি প্ৰাথমিক বিদ্যালয়ৰ পাঠ্যপুথি প্ৰস্তুত কৰা।

প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ কাৰ্যবাহী সভাপতি ত্ৰৈলোক্য ডেকাই নৰ্থ-ইষ্ট নাও ৰ আগত ৭ম পে’ কমিছনৰ অধীনত তেওঁলোকে পাব লগীয়া ১ বছৰৰ এৰিয়াৰৰ ধন মুকলি দিবলৈ চৰকাৰক দাবী জনায়।

উল্লেখযোগ্য যে অসম চৰকাৰক তথা প্ৰাথমিক শিক্ষা বিভাগক কেইবাবাৰো স্মাৰকপত্ৰ প্ৰদান কৰি দাবী কৰাৰ পিছতো চৰকাৰে কৰ্মৰত ঠিকাভিত্তিক শিক্ষকসকলৰ দাবীৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰি চাকৰিৰ ম্যাদ ৫ বছৰৰ পৰা ১১ মাহলৈ হ্ৰাস কৰি শিক্ষক সকলৰ ভৱিষ্যত শংকা আৰু অনিশ্চয়তাৰ মাজলৈ থেলি দিয়া কাৰ্য্যত শিক্ষকসকলে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।