NORTHEAST NOW (Assamese)

ডকমকা কাণ্ডৰ অভিযুক্তসকলৰ ফাঁচিৰ দাবীত জামুগুৰিত বৃঃ অঃ যুঃ মঃৰ জোঁৰ সমদল

June 11, 2018 10:10 pm · ৰাজীৱ দত্ত

কাৰ্বি আংলঙৰ ডকমকাত যোৱা ৮ জুনত নৃশংস হত্যাকাণ্ডৰ বলি হোৱা অভিজিৎ নাথ আৰু নীলোৎপল দাসৰ হত্যাৰ লগত জড়িত সকলক তৎকালে ফাঁচী দিয়াৰ দাবীত আজি সন্ধ্যা শিৱসাগৰ জিলাৰ জাঁজী জামুগুৰিত বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ জাঁজী আঞ্চলিক সমিতিয়ে এক বৃহৎ জোঁৰ সমদল বাহিৰ কৰে।

জাঁজী, জামুগুৰি আৰু ফুলপানীছিগাবাসী ৰাইজৰ সহযোগত বাহিৰ কৰা এই প্ৰতিবাদী সমদলৰ আগে আগে এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰো আয়োজন কৰা হয়।

বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ মনোজ গগৈয়ে আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰয়াত অভিজিৎ নাথ আৰু প্ৰয়াত নীলোৎপল নাথৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে শিৱসাগৰ প্ৰেছ কৰেছপণ্ডেন্টছ এছ’চিয়েচনৰ সভাপতি ধ্ৰুৱজ্যোতি ভট্টাচাৰ্য্য আৰু স্থানীয় সমাজকৰ্মী ৰবীন বৰুৱাই।

ইয়াৰ পাছতে জাঁজী জামুগুৰিৰ পৰা জাঁজী হৈ ফুলপানীছিগা লৈ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথেদি জোঁৰ সমদল উলিওৱা হয়।

আনহাতে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৰ জাঁজী আঞ্চলিক সমিতিয়েও আজি অভিজিৎ -নীলোৎপলৰ প্ৰতি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে।

Related News