ডকমকা কাণ্ড : ফেচবুকত সাম্প্ৰদায়িক মন্তব্য দি বৰপেটাত যুৱক গ্ৰেপ্তাৰ

culprit arrested for spreading fake news

ফেচবুকৰ জৰিয়তে ৰাজ্যত সোপাধৰাৰ আতংক বিয়পোৱাৰ ফলত কাৰ্বি আংলঙত দুগৰাকী নিৰীহ যুৱকে মৃত্যুক আঁকোৱালি লোৱাৰ পিছত ফেচবুকৰ জৰিয়তে যাতে সাম্প্ৰদায়িক বিষবাস্প বিয়পাব নোৱাৰে তাৰ প্ৰতি অধিক সক্ৰিয় হৈছে আৰক্ষী বিভাগ।

কাৰ্বি আংলঙৰ দুৰ্ভাগ্যজনক ঘটনাৰ পিছত ফেচবুকত সাম্প্ৰদায়িক তথা সমাজ বিভাজিত কৰিব পৰা মন্তব্য দিয়াৰ অপৰাধত ৰাজ্যৰ কেইবাখন জিলাৰ পৰা কেইবাজনো লোক আটক হোৱাৰ সময়তে একে অপৰাধত অভিযুক্ত এজন যুৱক আজি বৰপেটাত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয়। আটকাধীন যুৱকজন বৰপেটা থানাৰ অন্তৰ্গত বেতবাৰী পথাৰ গাঁৱৰ হজৰত আলীৰ পুত্ৰ বুলবুল হুছেইন (২৪) বুলি জানিব পৰা গৈছে।

কাৰ্বি আংলঙত দুষ্কৃতিকাৰীৰ হাতত নিহত হোৱা ৰাজ্যৰ দুই প্ৰতিভাৱান যুৱক ক্ৰমে নীলোৎপল দাস আৰু অভিজিত নাথৰ মৃত্যুত ৰাজ্যবাসী ম্ৰিয়মান হোৱাৰ সময়তে বুলবুল হুছেইন নামৰ যুৱকজনে ফেচবুকত ‘অসমীয়া মানুহ মৰিছে ভাল হৈছে’ আদি কেবাটাও সাম্প্ৰদায়িক মন্তব্য দিছিল।

বুলবুল হুছেইনে আৰ ডি এক্স ৰিংকু নামৰ ভুৱা ফেচবুক একাউন্ট খুলি এনেকুৱা আপত্তিজনক মন্তব্য দিছিল বুলি জানিব পৰা গৈছে।

বৰপেটা আৰক্ষীয়ে যুৱকজনক আজি গ্ৰেপ্তাৰ কৰি ভাৰতীয় দণ্ডবিধিৰ ১৫৩ এ ধাৰাত ১২৪৫/১৮ নম্বৰত এটি গোচৰ ৰুজু কৰিছে। আৰক্ষীৰ আগত গ্ৰেপ্তাৰ হোৱা যুৱকজনে ফেচবুকত আপত্তিজনক মন্তব্য দিয়াটো স্বীকাৰ কৰিছে।

যুৱকজনক গ্ৰেপ্তাৰৰ পিছতে বৰপেটাৰ আৰক্ষী অধীক্ষক ভায়োলেট বৰুৱাই এক সংবাদমেল অনুষ্ঠিত কৰি কোনো উৰা বাতৰিত ভোল নাযাবলৈও ৰাইজক আহ্বান জনোৱাৰ লগতে বৰ্তমান ৰাইজে সংযমতাৰ পৰিচয় দিব লাগিব মন্তব্য কৰে।