ড’নাৰ মন্ত্ৰীক সাক্ষাৎ কৰি নাগালেণ্ডত বিমান বন্দৰ, চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবী মুখ্য মন্ত্ৰী ৰিঅ’ৰ

Rio-DoNER

সম্প্ৰতি নিজৰ কেবিনেট সতীৰ্থৰ সৈতে দিল্লীত বাহৰ পাতি থকা নাগালেণ্ডৰ মুখ্য মন্ত্ৰী নেইফিঅ’ ৰিঅ’ই যোৱা শনিবাৰে সাক্ষাৎ কৰে কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙক।

এই সাক্ষাৎ কালতে নাগালেণ্ডৰ মুখ্য মন্ত্ৰী গৰাকীয়ে ৰাজ্যখনৰ বিভিন্ন সমস্যা সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ সৈতে আলোচনা কৰাৰ লগতে কহিমাৰ সমীপত চিয়েথু বিমান বন্দৰ আৰু ৰাজ্যবাসীৰ সুবিধা হোৱাকৈ এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবী উত্থাপন কৰে।

উল্লেখ্য যে সৌহাদ্যপূৰ্ণ এই সাক্ষাৎ কালতে দেশৰ বিভিন্ন ঠাইত কৰ্মৰত হৈ থকা আএএছ বিষয়া সকলৰ মাজৰ কিছুমানক নিজৰ ৰাজ্যত কাম কৰাৰ সুযোগ দিবলৈ ড’নাৰ মন্ত্ৰী গৰাকীক আহ্বান জনায় ৰিঅ’ৱে।

তদুপৰি বিধানসভা নিৰ্বাচনৰ সমাপ্তিৰ পাছতে ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থতি তথা সমাজিক-ৰাজনৈতিক প্ৰেক্ষাপট সন্দৰ্ভতো বিতং আলোচনা কৰে নেতা দুগৰাকীয়ে।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে একেদিনাই নাগালেণ্ডৰ মুখ্য মন্ত্ৰী গৰাকীয়ে লোকসভাৰ অধ্যক্ষ সুমিত্ৰা মহাজন আৰু নিটি আয়োগৰ উপাধ্যক্ষ ৰাজীৱ কুমাৰকো সাক্ষাৎ কৰে।

ইয়াৰ পূৰ্বে যোৱা বৃহস্পতিবাৰে নাগালেণ্ডৰ মুখ্য মন্ত্ৰী নেইফিঅ’ ৰিঅ’ই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতেও এলানি আলোচনাত মিলিত হৈছিল।

বিধানসভা নিৰ্বাচনত জয়লাভ কৰি নাগালেণ্ডৰ মুখ্য মন্ত্ৰী গৰাকীয়ে দেখুওৱা এই ৰাজনৈতিক তৎপৰাতা লক্ষণীয়।