NORTHEAST NOW (Assamese)

ডিগবৈত বন বিভাগৰ বিষয়াই জব্দ কৰিলে বাহন ভৰ্তি খনিজ দ্ৰব্য

December 16, 2017 12:19 pm · লক্ষ্মণ প্ৰসাদ শৰ্মা
Updated: December 16, 2017 2:27 pm

আঞ্চলিক বনবিষয়া আফতাবুদ্দিন চৌধুৰীৰ নেতৃত্বত লেখাপানীৰ বন বিষয়াৰ এটা দলে শুকুৰবাৰে আবেলি অবৈধভাৱে খনিজ দ্ৰব্য কঢ়িয়াই অনা তিনিখন বলেৰো পিক আপ ভান গাড়ী জব্দ কৰিবলৈ সক্ষম হয়। বন বিষয়াৰ দলটোৱে এই গাড়ী কেইখন জব্দ কৰে তিনিচুকীয়া জিলাৰ ডিগবৈ সংমণ্ডলৰ লেখাপানী আঞ্চলিক বন খণ্ডৰ লিডু-মুলাঙ পথত।

বিভাগৰ এক সূত্ৰই জনোৱা মতে মুলাঙ ঘাট অঞ্চলৰ পৰা অবৈধভাৱে বন সম্পদ সৰবৰাহ হৈ থকাৰ খবৰ পাই বন বিভাগৰ দলটোৱে ঘটনাস্থলীত উপস্থিত হয় আৰু সামগ্ৰী ভৰ্তি AS-23-BC-7869, AS-23-AC-0180 নম্বৰৰ দুখন আৰু এখন নম্বৰবিহীন গাড়ী জব্দ কৰে। বন বিভাগৰ দলটোৱে লগতে মুলাঙ আৰু বৰগলাই অঞ্চলৰ তিনিগৰাকী গাড়ী চালকক কৰায়ত্ত্ব কৰে। উক্ত চালক তিনিজন ক্ৰমে দীপেন বৰাইক, জগদীশ লড আৰু মনোজ মুণ্ডা বুলি চিনাক্ত কৰা হৈছে।

এই চুৰি কাৰ্যৰ বাবে শাস্তি হিচাপে দোষীসকলক  ৩৬,০০০ টকা জৰিমনা বিহা হৈছে।

ডিগবৈ সংমণ্ডলৰ অধীনত এনেদৰে  বিভিন্ন নদী পাৰ তথা জাহাজ ঘাটৰ পৰা চলি থকা অবৈধ বনজ সম্পদ সৰবৰাহে চৰকাৰী ৰাজহৰ বৃহৎ ক্ষতিসাধন কৰি আহিছে।

Related News