NORTHEAST NOW (Assamese)

ডিগবৈত বৃহত্তৰ ঐক্য মঞ্চৰ অৰ্থনৈতিক অৱৰোধ : ডিগবৈ শোধনাগাৰত থলুৱা যুৱক-যুৱতীৰ নিযুক্তিৰ দাবী সংগঠনটোৰ

April 2, 2018 11:55 am · এন ই নাও নিউজ

ডিগবৈস্থিত ভাৰতীয় তেল নিগম (অসম তেল সংমণ্ডল) প্ৰতিষ্ঠানৰ ডিগবৈ শোধনাগাৰ আৰু এ.অ’.ডিৰ বিভিন্ন স্থানত বিগত সময়ছোৱাৰ পৰা অঞ্চলটোৰ স্থানীয় শিক্ষিত যুৱক-যুৱতীক সংস্থাপনৰ ব্যৱস্থা নকৰি বহিঃৰাগত যুৱক-যুৱতীক নিযুক্তি দিয়া কাৰ্যৰ বিৰুদ্ধে ডিগবৈৰ বৃহত্তৰ ঐক্য মঞ্চই আজি গ্ৰহণ কৰিছে অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী।

উল্লেখযোগ্য যে এ.অ’.ডিৰ অধীনত ৰিফাইনেৰী, চিকিৎসালয়, কেণ্টিন আদি বিভিন্ন স্থানত থলুৱা যুৱক-যুৱতীৰ বিপৰীতে বহিঃৰাগত যুৱক-যুৱতীক স্থায়ী ঠিকাভিত্তিক শ্ৰমিক হিচাপে নিয়োগ কৰা কাৰ্যক স্থানীয় আঞ্চলিক দল-সংগঠনে বিভিন্ন সময়ত তীব্ৰ বিৰোধ প্ৰদৰ্শন কৰি অহা পৰিলক্ষিত হৈছে।

ইয়াৰ উপৰি এই সম্পৰ্কত যোৱা ১৫ মাৰ্চত ডিগবৈৰ আই অ চি কৰ্তৃপক্ষক ১০০ শতাংশ থলুৱা নিযুক্তিৰ দাবী জনায় এখন স্মাৰক পত্ৰও প্ৰদান কৰিছিল যদিও এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা বুলি স্থানীয় দল-সংগঠনৰ নেতৃবৃন্দই অভিযোগ উত্থাপন কৰিছে।

থলুৱা লোকৰ নিযুক্তি, স্থানীয় বাট-পথ নিৰ্মাণ, স্থানীয় মেধাবী ছাত্ৰ-ছাত্ৰীক জলপানি, থলুৱা যুৱক-যুৱতীক বিভিন্ন বিষয়ত প্ৰশিক্ষণ আদি দাবীসমূহ উত্থাপন কৰি আহিছে যদিও বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা কাৰ্যত ক্ষুন্ন হৈ ডিগবৈৰ বৃহত্তৰ ঐক্য মঞ্চই আজি অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী অৱলম্বন কৰা পৰিলক্ষিত হয়।

প্ৰতিবাদস্থলীৰ পৰাই প্ৰতিবাদকাৰীসকলে পাঁচ দফীয়া উক্ত দাবী সম্বলিত স্মাৰকপত্ৰৰ জৰিয়তে তেওঁলোকৰ দাবীসমূহ পুনৰবাৰ উত্থাপন কৰে।

উল্লেখযোগ্য যে ঐক্য মঞ্চই গুৱাহাটীস্থিত ভাৰতীয় তেল নিগমৰ কাৰ্যবাহী সঞ্চালক বিপননলৈ উক্ত দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে। ইয়াৰ উপৰি এই স্মাৰক পত্ৰৰ প্ৰতিলিপি ডিগবৈ শোধনাগাৰৰ বিভিন্ন বিভাগৰ উপৰি তিনিচুকীয়াৰ জিলা উপায়ুক্ত, জিলাখনৰ আৰক্ষী অধীক্ষক আৰু মাৰ্ঘেৰিটা মহকুমাৰ মহকুমাধিপতিলৈ উক্ত দাবী সম্বলিত প্ৰতিলিপি প্ৰেৰণ কৰা দেখা যায়।

বিভাগীয় কৰ্তৃপক্ষলৈ স্মাৰকপত্ৰৰ জৰিয়তে প্ৰেৰণ কৰা দাবীসমূহ অতি শীঘ্ৰে সহাঁৰি নজনালে ৭২ ঘণ্টাৰ ভিতৰত তীব্ৰ গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে প্ৰতিবাদকাৰীসকলে। ইফালে আজিৰ এই প্ৰতিবাদৰ ফলত ৰিফাইনেৰীৰ কাম-কাজ সম্পূৰ্ণৰূপে ব্যাহত হোৱা বুলিও আমালৈ খবৰ আহিছে।

Related News