ডিগবৈৰ সামূহিক স্বাস্থ্যকেন্দ্ৰৰ উদ্ভট কাণ্ড : জীৱিত ৰোগীকে মৃত ঘোষণা

digboi-ps-678x381

চিকিৎসা চলি থকা ৰোগীক হঠাতে মৃত ঘোষণা কৰি নিজৰ অক্ষমনীয় দায়িত্বজ্ঞানহীনতা প্ৰদৰ্শনৰ লগতে এক প্ৰকাৰৰ চাঞ্চল্যৰ সৃষ্টি কৰিলে ডিগবৈ সামূহিক স্বাস্থ্যকেন্দ্ৰৰ এজন চিকিৎসকে। জানিব পৰামতে চিকিৎকেন্দ্ৰটোত চিকিৎসা লৈ থকা এজন ৰোগী ডিগবৈৰ মিশ্যন পাৰাৰ বিনয় সিং (৪০)ক ‘মৃত অৱস্থাত চিকিৎসালয়লৈ অনা’ (brought dead) বুলি জনোৱাৰ লগতে তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে আৰক্ষীক ১৬-০২-২০১৮ তাৰিখে আনুষ্ঠানিকভাৱে দিয়া এখন প্ৰমাণপত্ৰত লিখে।

এই কাণ্ডজ্ঞানহীন কামটো কৰে স্বাস্থ্যকেন্দ্ৰটোৰ চিকিৎসক সুহাশিস মুখাৰ্জীয়ে। ঘটনাৰ অনুসন্ধানত গম পোৱা মতে চেলিম উচতাহ নামৰ এজন লোকক আগদিনা, অৰ্থাৎ ১৫ ফেব্ৰুৱাৰিৰ দিনা চিকিৎসালয়খনলৈ অনা হৈছিল, য’ত চিকিৎসালয় পোৱাৰ পূৰ্বেই তেওঁৰ মৃত্যু হৈছিল। এই চেলিম উচতাহৰ আত্মীয়ই পিছদিনা ডিগবৈ আৰক্ষী থানাত উপস্থিত হৈ চেলিম উচতাহক বিহাৰলৈ মৃতদেহ সৎকাৰৰ বাবে নিবৰ বাবে মৃতকৰ প্ৰমাণপত্ৰ বিচাৰি আহে। তেতিয়া আৰক্ষীয়ে ১৫ তাৰিখৰ তেনে কোনো তথ্য নাই বুলি কোৱাত বিষয়টো অধিক খা-খবৰ কৰাত ওলাই পৰে যে আগদিনা চেলিম উচতাহ নামৰ কচাইপট্টীৰ এজন লোকক মৃত অৱস্থাত চিকিৎসালয়লৈ অনা হৈছিল যদিও দায়িত্বত থকা চিকিৎসকে সেই খবৰ আৰক্ষীক দিবলৈ পাহৰি গৈছিল।

কিন্তু এই বিসংগতি ধৰা পৰাৰ পিছতে আৰক্ষীয়ে চিকিৎসালয়ৰ পৰা তথ্য বিচাৰে। তেতিয়া দায়িত্বত থকা চিকিৎসক ডাঃ মুখাৰ্জীয়ে ১৭ তাৰিখে মৃত চেলিম উচতাহৰ নামৰ পৰিৱৰ্তে স্বাস্থ্যকেন্দ্ৰটোত চিকিৎসা লৈ থকা এজন জীৱিত ৰোগী মিশ্যন পাৰাৰ বিনয় সিঙৰ নাম দি মৃত অৱস্থাত চিকিৎসালয়লৈ অনা হৈছিল বুলি প্ৰমাণ পত্ৰ লিকি দিয়ে। পিছত এই বিসংগতি ধৰা পৰাত পুনৰ শুধৰণিৰ সৈতে চিকিৎসকজনে প্ৰমাণপত্ৰ প্ৰেৰণ কৰে।

চিকিৎসকজনৰ এনে দায়িত্বহীনতাই সকলোকে আচৰিত কৰাৰ লগতে জীৱিত ৰোগীজন তথা তেওঁৰ আত্মীয়ৰ মনত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

আনহাতে মৃত অৱস্থাত কাৰোবাক স্বাস্থ্যকেন্দ্ৰলৈ অনাৰ লগে লগে আৰক্ষীক খবৰ দিয়াৰ আইনী দায়িত্ব পালনতো স্বাস্থ্যকেন্দ্ৰটোৰ গাফিলতিক সকলোৱে সমালোচনা কৰিছে।