ডিগবৈ আৰক্ষীৰ অভিযানত আটক পেঙেৰীৰ দুজন নাবালক চোৰ

চোৰ

দীৰ্ঘ দিনৰ পৰা বিভিন্ন প্ৰকাৰৰ চুৰি কাৰ্যৰে আৰক্ষীৰ নিদ্ৰা হৰণ কৰি অহা দুই নাবালক চোৰক শনিবাৰে ডিগবৈৰ আৰক্ষীয়ে মাৰ্ঘেৰিটা মহকুমাৰ পেঙেৰীৰ পৰা আটক কৰিছে। ধৃত চোৰ দুজনৰ নাম অনুপম হাতীমূৰীয়া আৰু পুনা প্ৰজা (পিতা বুধুৱা প্ৰজা)।

উল্লেখ্য যে পেঙেৰী নিবাসী খগেন হাতীমূৰীয়া আৰু সবিতা ওৰফে জুনুকা শৰ্মাৰ কণিষ্ঠ পুত্ৰ অনুপমে দীৰ্ঘ দিনৰে পৰা বিভিন্ন চুৰি কাৰ্যৰে জড়িত থকাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীৰ জালত পৰিব লগা হৈছে। পুনা প্ৰজাই অনুপমৰ সহযোগী হিচাপে চুৰি কাৰ্যত সংগ দি আহিছে।

যোৱা নিশাও অনুপমে পেঙেৰীৰ শংকৰ গুপ্তাৰ ঘৰৰ সমুখত ৰাখি থোৱা এখন ৭০৯ ট্ৰাক চুৰি কৰি নি থকা পথত পেঙেৰীৰ পৰা প্ৰায় ৬ কিলোমিটাৰ নিলগৰ টকৌ পথাৰ নামৰ ঠাইত এটা নলাত সোমাই পৰে। ফলত গাড়ীখন তাতে এৰি পেঙেৰীৰ একে ঠাইৰ পৰা পুনৰ শংকৰ গুপ্তাৰে আন এখন ৭০৯ ট্ৰাক ডিগবৈৰ দিশে চুৰি কৰি লৈ যাওঁ‌তে পেঙেৰী থানাৰ সমুখৰ এটা বৈদ্যুতিক খুটাঁ‌ত খুন্দা খাই ৰৈ যায়। ফলত যোৱা নিশা গাড়ী চুৰি কাৰ্যত নাবালক অনুপম ব্যৰ্থ হয়।

ইয়াৰ পূৰ্বে যোৱা ২ জুলাই, ২০১৮ তাৰিখে নিশা ডিগবৈৰ সূৰজ পাটোৱা মালিকানাধীন ‘আসাম ইলেক্ট্ৰনিক’ নামৰ মোবাইলৰ দোকান খনত সোমাই দুয়োজনে মোবাইল চুৰি কৰাৰ সময়তে কোনো লোকে গৰাকীক খবৰ দিয়াত মালিকৰ সন্মুখেৰে কেইবাটাও মোবাইল লৈ টিংৰাই দিশে স্কুটীৰে পলায়ন কৰে।

মালিক পক্ষই গাড়ীৰে অনুসৰণ কৰাত টিংৰাইতে স্কুটীখন পেলাই থৈ দুয়োজনে দৌৰি পলায়ন কৰিবলৈ সক্ষম হয়। জব্দ কৰা স্কুটীখনৰ পঞ্জীয়ন নম্বৰ পৰীক্ষা কৰি উক্ত স্কুটীখন পেঙেৰীৰ সবিতা শৰ্মা (জুনুকা)ৰ বুলি জানিব পাৰি আজি ডিগবৈৰ আৰক্ষীয়ে পেঙেৰীলৈ আহি নাবালক চোৰ দুজনক আটক কৰি নিয়ে।

উল্লেখ্য যে ধৃত অনুপমৰ পিতৃ-মাতৃ খগেন আৰু সবিতাই দুই পুত্ৰৰ সতে বুঢ়ীদিহিং কনিষ্ঠ মহাবিদ্যালয়, পেঙেৰীৰ চৌহদত থকা গড়কাপ্তানি বিভাগে পূৰ্বতে নিৰ্মাণ কৰি থোৱা এটা গৃহত অবৈধভাৱে বসবাস কৰি আছে। জানিব পৰা মতে উক্ত মাটিখিনি বুঢ়ীদিহিং কনিষ্ঠ মহাবিদ্যালয়, পেঙেৰীৰ নামত ৰাজহ বিভাগে আৱণ্টন দি থৈছে। পৰিতাপৰ বিষয় যে কনিষ্ঠ মহাবিদ্যালয়খনৰ নিচেই কাষতে থকা উক্ত ঘৰটোৰ বাসিন্দা খগেন-জুনুকাই চুলাই মদৰ অবৈধ বেহা চলাই অহাৰ অভিযোগ আছে। এই লৈ শিক্ষানুষ্ঠানটোৰ শৈক্ষিক বাতাবৰণ বিনষ্ট হৈছে বুলিও অভিযোগ উঠি আহিছে।

ৰাইজে কনিষ্ঠ মহাবিদ্যালয় কৰ্তৃপক্ষই অবৈধ চুলাই মদৰ বেহা আৰু চুৰি কাৰ্যৰে জড়িত উক্ত পৰিয়ালটোক অতি শীঘ্ৰেই উক্ত স্থানৰ পৰা উলিয়াই দি  শিক্ষানুষ্ঠানখনৰ মাটিখিনি বেদখলমুক্ত কৰি সুস্থ শৈক্ষিক পৰিৱেশ অক্ষুণ্ণ ৰাখিবলৈ মাৰ্ঘেৰিটা মহকুমা প্ৰশাসন আৰু ৰাজহ বিভাগক আহ্বান জনাইছে।