NORTHEAST NOW (Assamese)

ডিব্ৰুগড়ত ককা-দেউতাৰ কামনাৰ বলি কিশোৰী অন্তঃসত্বা : অভিযুক্তৰ মৃত্যুদণ্ডৰ দাবী ৰাইজৰ

May 25, 2018 7:32 pm · অভীক চক্ৰবৰ্তী
Updated: May 25, 2018 9:31 pm

ডিব্ৰুগড় আৰক্ষীয়ে শুকুৰবাৰে ত্ৰিদীব বৰা (৫৭) নামৰ এজন লোকক তেওঁৰ নাবালিকা নাতিনীয়েকক বলাৎকাৰ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰে। বলাৎকাৰৰ ফলত নাবালিকা কিশোৰীগৰাকী অন্তঃসত্বা হয়।

আৰক্ষীয়ে জানিবলৈ দিছে যে স্বাস্থ্যৰ অৱনতি হোৱাৰ পৰিপ্ৰেক্ষিতত ১৪ বছৰীয়া কিশোৰীজনীক স্বাস্থ্য পৰীক্ষা কৰোৱা হয় আৰু তাত তেওঁ অন্তঃসত্বা বুলি ধৰা পৰে।

ঘটনা সন্দৰ্ভত পিতৃ মাতৃয়ে ছোৱালীজনীক প্ৰশ্ন কৰাত তেওঁ স্বীকাৰ কৰে যে ৪ মাহ পূৰ্বে তেওঁলোকৰ মাইজানৰ নতুন গাৱঁৰ ঘৰত ককা দেউতাকে তেওঁক বলাৎকাৰ কৰিছিল। পীড়িতাৰ পিতৃ মাতৃৰ অবযোগৰ ভিত্তিত আৰক্ষীয়ে অপৰাধীক গ্ৰেপ্তাৰ কৰে।

পীড়িতাৰ দেউতাকে কয় যে কেই সপ্তাহমানৰ পীড়িতাই বমি আৰু আনুসংগিক সমস১আত ভুগি থকা বাবে চিকিৎসালয়লৈ পৰীক্ষাৰ বাবে অনাত চিকিৎসকে কিশোৰীগৰাকী আঅন্তঃসত্বা বুলি নিশ্চিত কৰে। তাৰ পাছত ছোৱালীজনীয়ে প্ৰকাশ কৰে যে তেঁক ককা দেউতাকে বলাৎকাৰ কৰিছিল।

সূত্ৰৰ পৰা জানিব পৰা মতে অভিযুক্তই নতুন গাঁও এলেকাত এখন বে-আইনী মদৰ দোকান চলাই আছে।

স্থানীয় জনতাই ডিব্ৰুগড় আৰক্ষী থানাৰ সমুখত এঘণ্টা ধৰি ভীৰ কৰি দোষীৰ মৃত্যুদণ্ড দাবী কৰে।

নতুন গাঁওৰ এগৰাকী বাসিন্দাই কয়, ‘নাবালিকাৰ বিৰুদ্ধে অপৰাধ বৃদ্ধি পাই আছে আৰু আমি দোষীৰ মৃত্যুদণ্ড দাবী কৰিছোঁ’।

উল্লেখ্য যে মে’ৰ ১৮ তাৰিখে এগৰাকী ১৩ বছৰীয়া কিশোৰীক মৰানৰ এখন বিদ্যালয়ৰ ভিতৰত তেওঁৰ শিক্ষকে নিৰ্যাতন চলাইছিল। নিৰ্যাতিতাগৰাকী মৰাণহাটৰ নেহৰু হিন্দী বিদ্যালয়ৰ শিক্ষাৰ্থী।

Related News