ডিব্ৰুগড়ত গ্লুকমা সজাগতা ৰেলীৰ শুভাৰম্ভ উপায়ুক্ত লয়া মাদুৰীৰ

গ্লুকমা

ডিব্ৰুগড় জিলা উপায়ুক্ত লয়া মাদুৰীয়ে দেওবাৰে গ্লুকমা সজাগতা ৰেলীৰ পতাকা জোকাৰি শুভাম্ভ কৰে।

উক্ত গ্লুকমা সজাগতা ৰেলীটো ডিব্ৰুগড় অপথালম’জি একাডেমী, অপথালম’জিকেল ছচাইটি আৰু জিলা অন্ধতা সমাজৰ সহযোগত বাহিৰ কৰা হয়। এই সজাগতা ৰেলী বিভিন্ন সামাজিক সংগঠন আৰু এন জি অ’ই অংশ গ্ৰহণ কৰে।

জিলা অন্ধতা সমাজৰ জিলা কাৰ্যক্ৰমণিকা অধ্যক্ষ ডাঃ ৰাক্তিম বৰগোহাঁইয়ে ১১ মাৰ্চৰ পৰা ১৮ মাৰ্চলৈকে এই বাৰ্ষিক বিশ্ব গ্লুকমা সজাগতা ৰেলী হিচাপে পালন কৰা হ’ব বুলি কয়।

আনহাতে তেওঁ কয় যে, ‘আমি এই সজাগতা ৰেলী উলিওৱাৰ মূল উদ্দেশ্য হ’ল সাধাৰণ ৰাইজৰ মাজত গ্লুকমা ৰোগৰ সজাগতা বৃদ্ধি কৰা। এই ৰোগৰ পৰা হাত সাৰিবলৈ নিয়মিতভাৱে চকুৰ পৰীক্ষা কৰাব লাগে।’

তাৰোপৰি বৰগোহাঁইয়ে কয় যে গ্লুকমা হ’ল এনে এবিধ ৰোগ, য’ত মানুহৰ চকুৰ ভিতৰত থকা তৰল পদাৰ্থৰ চাপ বৃদ্ধি পাবলৈ ধৰে। আনহাতে যদি এই ৰোগৰ চিকিৎসা কৰা নহয় তেন্তে এই বেমাৰৰ ৰোগী জনে লাহে লাহে চকুৰ দৃষ্টি হেৰুৱাই অন্ধ হোৱাৰো সম্ভাৱনা থাকে। সেয়েহে এই ৰোগৰ পৰা নিজকে বচাই ৰাখিবলৈ নিয়মিতভাৱে চকু চিকিৎসা কৰাব লাগে।

তথ্য অনুসৰি প্ৰতি বৰ্ষতে গ্লুকমা ৰোগত ভাৰতত প্ৰায় ১ নিজুততকৈও বেছি ব্যক্তিয়ে এই ৰোগত ভোগে।