ডিব্ৰুগড়ত দৈনিক মজুৰি বৃদ্ধিৰ দাবীত চাহ শ্ৰমিক মজুৰি পুনৰীক্ষণ দাবী মঞ্চৰ বিক্ষোভ

বিক্ষোভ
ৰাজ্যখনৰ ৮০০ ৰো অধিক চাহ বাগিচাত কাম কৰা শ্ৰমিক সকলৰ দৈনিক মজুৰি বৃদ্ধি কৰাৰ দাবীত বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ ৰাজপথত চাহ শ্ৰমিক মজুৰি পুনৰীক্ষণ দাবী মঞ্চৰ অধীনত প্ৰায় ১০০ চাহ শ্ৰমিকে বিক্ষোভ কাৰ্যসূচী প্ৰদৰ্শন কৰে।
প্ৰতিবাদকাৰী চাহ শ্ৰমিক সকলে চাহ শ্ৰমিক মজুৰি পুনৰীক্ষণ দাবী মঞ্চৰ অধীনত ডিব্ৰুগড় পুৰণা ৰে’লৱে ষ্টেচনৰ পৰা সহ শ্ৰম আয়ুক্ত কাৰ্যালয়লৈকে এক প্ৰতিবাদী শোভাযাত্ৰা কৰে। এই প্ৰতিবাদী শোভাযাত্ৰাৰ পিছত শ্ৰম আয়ুক্ত কাৰ্যালয়ৰ সন্মুখতে প্ৰায় দুঘণ্টা ধৰি বিক্ষোভ প্ৰদৰ্শন কৰে।
আনহাতে প্ৰতিবাদকাৰী শ্ৰমিক সকলে বিক্ষোভ কাৰ্যসূচীৰ পিছত মুখ্য মন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে। য’ত শ্ৰমিক সকলৰ পূৰ্বৰ দিন হাজিৰা ১৩৭ টকা সংশোধনী ঘটাই ইয়াক ৩৫০ টকালৈ বৃদ্ধি কৰাৰ দাবী জনাইছে।
চাহ শ্ৰমিক মজুৰি পুনৰীক্ষণ দাবী মঞ্চৰ সম্পাদক ঘনশ্যাম মুণ্ডাই কয় যে, ‘আমি সকলো চাহ শ্ৰমিকক উপযুক্ত নিম্নতম দৈনিক মজুৰি দিবলৈ দাবী জনাইছে যিটো ৩৫০ টকাতকৈ কম হ’ব নোৱাৰিব। এই দৈনিক মজুৰিৰ ক্ষেত্ৰত ৰাজ্যখনৰ প্ৰায় ৩০ লাখ চাহ বাগিচাৰ কৰ্মচাৰীক শোষিত কৰি থকা হৈছে। এই একে ধৰণৰ চাহ শ্ৰমিকক দিন হাজিৰা হিচাপে কেৰেলাত ৩১০ টকা, কৰ্ণাটকট ২৬৩ টকা, টামিল নাডুত ২৪১ টকা দিয়াৰ বিপৰীতে আমাৰ ৰাজ্যত ১৩৭ টকা দিয়া হয়।’
ইয়াৰোপৰি মুণ্ডাই চাহ শ্ৰমিক সকলৰ কামৰ সময় সলনি কৰাৰো দাবী জনাইছে। তেওঁ কয় যে, ‘বৃটিচৰ দিনতে প্ৰচলিত ব্যৱস্থাই বৰ্তমানো চাহ বাগিচা বিলাকত চলি আছে। আমি চাহ বাগিচা বিলাকত চলি থকা পূৰ্বৰ সময় ৭ বজাৰ পৰা ৪-৩০ বজালৈকে কাম কৰাটো সলনি কৰি ৯ বজাৰ পৰা ৪.৩০ বজালৈকে হোৱাটো বিচাৰো।’