ডিব্ৰুগড়ত বহুমুখী ক্ৰীড়া প্ৰকল্পৰ আধাৰশিলা স্থাপন মুখ্য মন্ত্ৰী সোণোৱালৰ

2

‘বিশ্ব জয়ৰ বাবে আমাৰ উঠি অহা প্ৰজন্মক উদগণি দিয়াৰ বাবে ক্ৰীড়া হৈছে এক সাৰুৱা ক্ষেত্ৰ। নৱ প্ৰজন্ম তথা ছাত্ৰ-ছাত্ৰীসকলক খেলৰ প্ৰতি ধাউতি বৃদ্ধি কৰাৰ বাবে সমাজৰ সকলো শ্ৰেণীৰ লোকে উৎসাহ যোগাব লাগিব’। এই মন্তব্য ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

আজি অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত ডিব্ৰুগড়ৰ খনিকৰ পাৰ্কত ১৩৯.৮২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া বহুমুখী ক্ৰীড়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি মুখ্য মন্ত্ৰী সোণোৱালে এই মন্তব্য কৰে।

মুখ্য মন্ত্ৰীগৰাকীয়ে লগতে কয় যে সু স্বাস্থ্যৰ গৰাকী হৈ থাকিব লাগিলে ক্ৰীড়াক জীৱনৰ অংগ হিচাপে গ্ৰহণ কৰিব লাগিব। জীৱনত অমূল্য শক্তি প্ৰদান কৰে ক্ৰীড়াই। চিকিৎসালয়ৰ সংখ্যা বৃদ্ধি কৰাটো সমাজৰ বাবে শুভ সংবাদ নহয় কিন্তু ক্ৰীড়া এই ক্ষেত্ৰত সৰ্বোত্তম উপায়।

ইয়াৰ উপৰি সোণোৱালে কয় যে নিজৰ সন্তানক ক্ৰীড়া ক্ষেত্ৰলৈ আগবঢ়াই দিয়াত দ্বিধাবোধ কৰে যাৰ ফলত সৰুৰে পৰা শিশুৰ মনত এক নেতিবাচক প্ৰভাৱ পৰে আৰু ইয়ে সৃষ্টিশীল কামত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে।

আনহাতে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমাৰ ৰাষ্ট্ৰক ক্ৰীড়াৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ বাবে উল্লেখণীয় পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি সোণোৱালে কয় যুৱ প্ৰজন্মক উদগণি জনালেহে বিশ্ব পৰ্যায়ত অসমক সেনাপতি হিচাপে প্ৰতিষ্ঠিত কৰিব পৰা যাব।

মুখ্য মন্ত্ৰীয়ে কয় যে  ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন কৰা ৰাজ্যখনৰ সু-সন্তানসকলক ৰাজ্য চৰকাৰে সন্মান প্ৰদৰ্শন কৰিছে যাতে আমাৰ নতুন প্ৰজন্মই ইয়াক এক আদৰ্শ হিচাপে গ্ৰহণ কৰিব পাৰে।

আনহাতে ইংলেণ্ড, আমেৰিকা, জাপান, চীনৰ দৰে ক্ৰীড়াত আগবঢ়া দেশসমূহৰ দৰে আমাৰ ৰাজ্যৰ খেলুৱৈ সকলেও ক্ৰীড়া ক্ষেত্ৰত সফলতা লাভ কৰাৰ উদ্দেশ্যে ডিব্ৰুগড়ৰ এই বহুমুখী ক্ৰীড়া প্ৰকল্পটো স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছো।

ইফালে আজিৰ এই অনুষ্ঠানতে মুখ্য মন্ত্ৰীয়ে ৰাজ্যখনৰ বিভিন্ন ক্ৰীড়াৰ দিশত অনবদ্য অৱদান আগবঢ়োৱা ১৩ গৰাকী প্ৰাক্তন খেলুৱৈক ফুলাম গামোছা আৰু প্ৰশস্তি পত্ৰৰে সম্বৰ্ধনা তথা সন্মানিত কৰে।

ইয়াৰ পূৰ্বে সোণোৱালে ডিব্ৰুগড় বালক চৰকাৰী মাধ্যমিক বিদ্যালয় খেলপথাৰত ৬ কোটি ব্যয় সাপেক্ষে কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয়ৰ নগৰ ক্ৰীড়া আন্তঃগাথনি আঁচনিৰ অধীনত নিৰ্মাণ কৰা এখন বহুমুখী ইণ্ডোৰ ষ্টেডিয়ামো আনুষ্ঠানিকভাৱে মুকলি কৰে।

ইফালে আজিৰ এই অনুষ্ঠানত সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক প্ৰশান্ত ফুকন, ঋতুপৰ্ণ বৰুৱা, ক্ৰীড়া বিভাগৰ আয়ুক্ত সচিব আশুতোষ অগ্নিহোত্ৰী আৰু ডিব্ৰুগড়ৰ উপায়ুক্ত লয়া মাদ্দুৰীৰ লগতে বহুতো বিশিষ্ট লোক উপস্থিত থাকে।