ডিব্ৰুগড়ত মানৱ অংগৰ বেহাত জড়িত এটা চক্ৰৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। চিকিৎসা কৰোৱাৰ চলেৰে চক্ৰান্তৰে বন্ধুৰ শৰীৰৰ পৰা কিডনি উলিয়াই বিক্ৰী কৰি দিলে ডিব্ৰুগড়ৰ ৰামকিশোৰ ভগত নামৰ এজন দালালে।
ভুক্তভোগী ডিব্ৰুগড়ৰ শান্তিপাৰাৰ দীপাংকৰ দাসৰ গোচৰৰ ভিত্তিত ডিব্ৰুগড় আৰক্ষীয়ে আজি গ্ৰেপ্তাৰ কৰিছে দালাল ৰামকিশোৰ ভগতক।
দীপাংকৰ দাসে সাংবাদিকৰ আগত কোৱা মতে, তেওঁৰ পেটৰ বিষৰ সুযোগ লৈ লিভাৰৰ চিকিৎসা কৰোৱাম বুলি ঘনিষ্ঠতাৰ সূত্ৰে ভগতে তেওঁক কলকাতালৈ লৈ যায় আৰু তাত আৰ এন টেগৰ চিকিৎসালয়ত ভৰ্তি কৰায়।
চিকিৎসালয়ত ঔষধ দিয়াৰ পিছত তেওঁৰ চেতনা হেৰায় আৰু তেওঁক ডাক্তৰে অপাৰেশ্যন কৰে। চেতনা ঘূৰি অহাৰ পিছতে তেওঁ নিজৰ অসুস্থতাৰ কথা জনাই নাৰ্ছক সোধাত নাৰ্ছে তেওঁৰ কিডনি উলিওৱা বুলি জনায়।
উল্লেখযোগ্য যে হেভি ভেহিকল চলোৱাৰ লাইচেন্স উলিয়াই দিয়াৰ প্ৰতিশ্ৰুতিৰে ৰামকিশোৰে দীপাংকৰৰ পৰা কেইবাটাও ডকুমেণ্টত চহী কৰাই লৈছিল।
নাৰ্ছৰ কথা শুনি দীপাংকৰ দাসৰ মূৰত সৰগ ভাগি পৰে। কিন্তু ইতিপূৰ্বে ৰামকিশোৰ ভগত হস্পিটেলখনৰ পৰা অন্তৰ্ধান হৈছিল। পিছত দীপাংকৰ ডিব্ৰুগড়লৈ ঘূৰি আহি ৰামকিশোৰক লগ কৰি এই প্ৰতাৰণাৰ কথা সোধাত তেওঁক ‘পইচা দিম’ বুলি কয়।
তেওঁৰ কিডনি ডিমাপুৰৰ দীপক দাসক দিয়া বুলিও জনায়। দীপাংকৰে কেছ দিম বুলি কোৱাত ৰামকিশোৰে দীপাংকৰক হত্যাৰ ভাবুকিও দিয়ে। লগতে দীপাংকৰৰ বেংক অব বৰোদাৰ একাউণ্টত ৪৯,৯০০ টকাও ভৰাই দিয়ে।
কিন্তু হতাশ হৈ পৰা দীপাংকৰে আৰক্ষীক এই বিষয়ে গোচৰ দিয়ে। আৰক্ষীয়ে গোচৰৰ ভিত্তিত ৰামকিশোৰক গ্ৰেপ্তাৰ কৰিছে।
স্থানীয় ৰাইজে ৰামকিশোৰৰ কঠোৰ শাস্তি দাবী কৰিছে। স্থানীয় ৰাইজে ডিব্ৰুগড়ত মানৱ অংগৰ বেহাক লৈ নিজৰ উদ্বিগ্নতা প্ৰকাশ কৰাৰ লগতে নিজৰ পৰিয়ালৰ মানুহক লৈ, বিশেষকৈ শিশুসকলক লৈ চিন্তিত হৈ পৰিছে। স্থানীয় ৰাইজে আজি এই বিষয়টোত প্ৰতিবাদ কৰি ডিব্ৰুগড় সদৰ থানা উত্তপ্ত কৰি তোলে।
স্থানীয় একাংশই দাবী কৰামতে, বহু দিনৰ পৰাই ৰামকিশোৰ আৰু তেওঁৰ লগৰীয়াসকলে এইদৰে মানৱ অংগৰ চোৰাং বেহা চলাই আহিছে আৰু বিভিন্নজনক টাৰ্গেট কৰি আহিছে।
জানিব পৰামতে, দালাল চক্ৰটোত ৰামকিশোৰ ভগতৰ সৈতে আন বহুকেইজন লোক থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।