ডিব্ৰুগড়ত সেনাই মুকলি কৰিলে দক্ষতা বিকাশ কাৰ্যসূচীৰ প্ৰকল্প

দক্ষতা বিকাশ কাৰ্যসূচীৰ প্ৰাৰম্ভিক প্ৰকল্প উদ্বোধনৰ এটি মুহূৰ্ত

ৰাজপুতনা ৰাইফলছৰ ডিব্ৰুগড়স্থিত নৱম বেটেলিয়নে শনিবাৰে ‘সদ্ভাৱনা অভিযান’ৰ অংশ হিচাপে দক্ষতা বিকাশ কাৰ্যসূচীৰ এটা প্ৰাৰম্ভিক প্ৰকল্প উদ্বোধন কৰে। ডিব্ৰুগড়ৰ বানীপুৰত অৱস্থিত পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ ৰাজ্যিক প্ৰতিষ্ঠান (এছআইপিআৰডি)ৰ সম্প্ৰসাৰণ কেন্দ্ৰত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে কমাণ্ডিং অ’ফিচাৰ কৰ্ণেল মুকেশ পাণ্ডে আৰু ডিব্ৰুগড়ৰ উপায়ুক্ত লয়া মাদুৰীয়ে।

এই প্ৰৰম্ভিক প্ৰকল্পটোৰ অংশ হিচাপে মুঠ ৬০ গৰাকী নিবনুৱা প্ৰাৰ্থীক (২০ গৰাকী মহিলাআৰু ৪০ গৰাকী পুৰুষ) ৰাজপুতনা ৰাইফলছৰ নৱম বেটেলিয়নে ডিব্ৰুগড় জিলাৰ বিভিন্ন অঞ্চলৰ পৰা নিৰ্বাচিত কৰিছে আৰু তেওঁলোকক বানীপুৰৰ এছআইপিআৰডিত এমাহৰ বাবে এয়াৰ কণ্ডিছনাৰ আৰু ৰেফ্ৰিজাৰেটৰ মেৰামতি, বিউটিচিয়ান আৰু কস্মেটলজি আৰু কাটিং তথা টেইলৰিঙৰ প্ৰশিক্ষণ দিয়া হ’ব।

অনুষ্ঠানত ভাষণ ৰাখি ডিব্ৰুগড়ৰ উপায়ুক্ত লয়া মাদুৰীয়ে কয় যে দক্ষতা বিকাশৰ প্ৰশিক্ষণে জিলাখনৰ নিবনুৱা যুৱসকলক সংস্থাপন লাভৰ লগতে আত্মসংস্থাপনত প্ৰচুৰ সহায় কৰিব। ‘’ আমাৰ প্ৰধান উদ্দেশ্য হৈছে যুৱসকলক গুণগতপ্ৰশিক্ষণ আগবঢ়োৱা আৰু ইয়াৰ জৰিয়তে তেওঁলোকে যাতে উদ্যোগসমূহত সহজতে চাকৰি লাভ কৰিব পাৰে অথবা স্বনিয়োজনৰ পথ নিৰ্বাচন কৰিব পাৰে,’’-ডিব্ৰুগড়ৰ উপায়ুক্তগৰাকীয়ে এইদৰে কয়।

প্ৰকল্পটোৰ বাবে অৰ্থ সাহায্য আগবঢ়াইছে জিলা প্ৰশাসনে। এই পাঠ্যক্ৰমসমূহৰ প্ৰশিক্ষণ সফলতাৰে সম্পূৰ্ণ কৰা প্ৰশিক্ষাৰ্থীসকলক এছআইপিআৰডিৰ পৰা প্ৰমাণপত্ৰ আগবঢ়োৱা হ’ব।