ডিব্ৰুগড়ৰ জকাই উদ্ভিদ উদ্যান অতি শীঘ্ৰে মুকলি হ’ব : উপায়ুক্ত লয়া মাদুৰী

ডিব্ৰুগড়ৰ পৰা প্ৰায় ১৫ কি. মি. দূৰত্বত থকা জৈৱ বৈচিত্ৰ্যত চহকী জকাই উদ্ভিদ উদ্যান অতি শীঘ্ৰে পৰ্যটকৰ বাবে মুকলি হ’ব বুলি শনিবাৰে ডিব্ৰুগড় জিলা উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে।

প্ৰাপ্ত তথ্য মতে শুকুৰবাৰে ডিব্ৰুগড় জিলা প্ৰশাসনৰ দ্বাৰা এই সম্পৰ্কত এখন সভা আহ্বান কৰা হৈছিল। য’ত স্থানীয় একাংশ লোকৰ লগতে আত্মসহায়ক গোটৰ সদস্যইও অংশ গ্ৰহণ কৰিছিল। উক্ত সভাতে জকাই উদ্ভিদ উদ্যান পৰ্যটকৰ বাবে মুকলি কৰাৰ সম্পৰ্কত আলোচনাৰ অন্তত সিদ্ধান্ত গ্ৰহণ কৰা হয়।

উল্লেখযোগ্য যে জকাই উদ্ভিদ উদ্যানখন আজি ৩ বছৰ ধৰি বন্ধ হৈ আছিল। আনহাতে শেষৰ বৰ্ষত উত্তৰ-পূব পৰিষদে উদ্ভিদ উদ্যানখনৰ বাবে ৭১ লাখ ৪১ হাজাৰ টকা অনুমোদন জনাইছিল।

ডিব্ৰুগড় জিলা উপায়ুক্ত লয়া মাদুৰীয়ে নৰ্থ ইষ্ট নাওক কয় যে তেওঁলোকে শনিবাৰে জকাই উদ্ভিদ উদ্যান মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। উপায়ুক্ত গৰাকীয়ে কয় যে, ‘শুকুৰবাৰে উদ্যানখনত ডিব্ৰুগড় বন বিষয়া দিলীপ ডেকা আৰু স্থানীয় একাংশ প্ৰকৃতিপ্ৰেমীৰ উপস্থিতিত এখন সভা আয়োজন কৰা হয়। উক্ত সভাতে আমি আজি কেইবা বছৰ ধৰি বন্ধ হৈ থকা উদ্যানখন পৰ্যটকৰ বাবে মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰো।’ লগতে উদ্যানখনত বিভিন্ন প্ৰজাতিৰ পখিলাও দেখিবলৈ পোৱা যায় বুলি কয়।

লগতে উপায়ুক্ত গৰাকীয়ে সকলোৰে সহযোগিতাত উদ্যানখন পৰিৱেশানুকূল পৰ্যটন হিচাপে গঢ় দিয়াৰ বাবে আঁচনি গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে। উপায়ুক্তগৰাকীয়ে কয় যে, ‘আমি স্থানীয় লোকক আমাক সহযোগিতা আগবঢ়াবৰ বাবে তেওঁলোকৰ সৈতে আলোচনা কৰিছো। যাতে আমি উদ্যানখন পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হিচাপে গঢ়ি তুলিব পাৰো।’

জকাই উদ্ভিদ উদ্যানখন প্ৰায় ১১ হাজাৰ বৰ্গ কি. মি. জোৰা অঞ্চলএৰে আৱৰা। লগতে উদ্যানখনত বিভিন্ন প্ৰজাতিৰ পখিলা, সাপ আৰু চৰাই আদি পোৱা যায় বুলি জানিব পৰা গৈছে।