ডিব্ৰুগড়ৰ দুই ভাতৃ-ভগ্নীৰ সাফল্য : যোগ প্ৰতিযোগিতাত লাভ কৰিলে স্বৰ্ণ পদক

18e371d7-69e9-4997-8273-e23e5709a92f

ডিব্ৰুগড়ৰ দুই চেমনীয়া ভাতৃ-ভগ্নীয়ে যোগ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

ডিব্ৰুগড় কেন্দ্ৰীয় বিদ্যালয়ৰ শিক্ষাৰ্থী দুই ভাতৃ-ভগ্নী ক্ৰমে চিন্ময় কোচ আৰু চিৰঞ্জিতা কোচে কেন্দ্ৰীয় বিদ্যালয় সংগঠনে আয়োজন কৰা আঞ্চলিক যোগ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি প্ৰথম স্থান লাভ কৰি স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।

এই প্ৰতিযোগিতা অলপতে চাবুৱা আৰু ইম্ফলত অনুষ্ঠিত হৈ যায়।

চিন্ময় আৰু চিৰঞ্জিতা হৈছে ডিব্ৰুগড়ৰ দিলীপ কোচ আৰু বৰ্ণালী লিগিৰা কোচৰ সন্তান। পৰৱৰ্তী সময়ত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ দুয়োজনে সাজু হৈ আছে।

তেওঁলোকৰ যোগ শিক্ষক ক্ৰমে প্ৰনব কুমাৰ নাথ আৰু উৎপল বৰুৱাই তেওঁলোকৰ এই সফলতাৰ বাবে দুয়োজনকে অভিনন্দন জনাইছে।

তেওঁলোক দুয়োজনে ডিব্ৰুগড়ৰ মানকট্টা পথৰ শ্ৰীমন্ত শংকৰদেৱ হস্পিতালৰ ওচৰত অৱস্থিত ‘শিৱানন্দ যোগ ষ্টুডিঅ’ত যোগ শিক্ষা গ্ৰহণ কৰিছিল।