ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত বেআইনী সুৰাৰ ব্যৱসায়ীৰ বিকল্প জীৱিকাৰ বিষয়ত কৰ্মশালা

IMG-20180619-WA0016

আজি ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত আৰু আবকাৰী বিভাগৰ সহযোগত জিলাখনত বেআইনী সুৰা প্ৰস্তুত কৰি জীৱিকা নিৰ্বাহ কৰাসকলৰ বাবে বিকল্প জীৱিকা সন্দৰ্ভত পৰামৰ্শ  আৰু সজাগতামূলক কৰ্মশালা এখন অনুষ্ঠিত হয়।

এই কৰ্মশালাখন উপায়ুক্তৰ প্ৰশিক্ষণ হলত অনুষ্ঠিত হয়। কৰ্মশালাত লাহোৱাল, চাবুৱা আৰু অন্যন্য এলেকাৰ পৰা অহা বেআইনী সুৰা ব্যৱসায়ৰ সৈতে জড়িত মুঠ ৫৩গৰাকী ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

বেআইনী দেশীয় সুৰা প্ৰস্তুত কৰোঁতাসকলৰ পুনৰ্বাসনৰ বাবে আবকাৰী বিভাগ আৰু গ্ৰাম্য আত্ম নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠান (United Rural Self Employment training institute)ৰ সহযোগত বিগত বছৰৰ পৰা ডিব্ৰুগড় জিলা প্ৰশাসনে এই উদ্যোগ গ্ৰহণ কৰি আহিছে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি উপায়ুক্ত লয়া মাদুৰীয়ে কয় যে এই কৰ্মশালাৰ উদ্দেশ্য হৈছে সুৰাৰ কুপ্ৰভাৱ সম্পৰ্কে ৰাইজক সচেতন কৰাৰ লগতে বিভিন্ন চৰকাৰী আঁচনিৰ জৰিয়তে পৰিয়ালসমূহলৈ বিকল্প জীৱিকাৰ সুযোগ প্ৰদান কৰা।

এই পৰ্যন্ত আবকাৰী বিভাগে জিলাখনত দেশীয় সুৰা প্ৰস্তুত কৰা ব্যৱসায়ৰ সৈতে জড়িত ৮০০টা পৰিয়াল চিনাক্ত কৰিছে আৰু তেওঁলোকৰ বাবে বিকল্প জীৱিকাৰ সৃষ্টি কৰাৰ বাবে পৰ্যাপ্ত পদক্ষেপ গ্ৰহণ কৰিছে। মুঠ ১০০টা পৰিয়ালক মৎস উৎপাদন, কৃষি, হাঁহ-কুকুৰা পালন ইত্যাদিৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে বুলি উপায়ু্ক্ত মাদুৰীয়ে জনাইছে।

সমাজ আৰু পৰিয়ালৰ কল্যাণৰ কথা বিৱেচনা কৰি সুৰা প্ৰস্তুত কৰা পৰিয়ালসমূহক অন্য জীৱিকা গ্ৰহণ কৰাৰ বাবে উপায়ুক্তগৰাকীয়ে আৱেদন জনায়।

বেআইনী সুৰাৰ পৰা সমাজত বিৰূপ প্ৰভাৱ পৰে। প্ৰত্যেক বছৰ বেআইনী সুৰা সেৱন কৰাৰ ফলত বহুতো লোকৰ মৃত্যু হয়।

সমাজ আৰু ব্যক্তিৰ বাবে ক্ষতি বেআইনী সুৰাৰ উৎপাদন বন্ধ কৰাৰ বাবে ডিব্ৰুগড় জিলা প্ৰশাসনে পদক্ষেপ গ্ৰহণ কৰিছে।

লয়া মাদুৰীয়ে কৈছে যে সুৰা প্রস্তুতকাৰীসকলৰ বাবে বিকল্প বৃত্তি বাচনি কৰাত সহায়ক হোৱাকৈ তেওঁলোকে প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে বেংকৰ ঋণ প্ৰদান কৰাৰো ব্যৱস্থা কৰিব।