NORTHEAST NOW (Assamese)

ডিব্ৰুগড় জিলা প্ৰশাসনৰ ১০ লাখ গছপুলি ৰোপণৰ অভিলাষী আঁচনি

May 26, 2018 10:03 pm · অভিক চক্ৰবৰ্তী

ডিব্ৰুগড় জিলা প্ৰশাসনে জিলাখনত ১০ লাখ গছপুলি ৰোপণৰ এক অভিলাষী আঁচনি গ্ৰহণ কৰিছে। এই উদ্দেশ্যে লাহোৱালৰ বিধায়ক ৰিতুপৰ্ন বৰুৱা আৰু মৰানৰ বিধায়ক চক্ৰধৰ গগৈৰ সৈতে মিলি ডিব্ৰুগড়ৰ উপায়ুক্ত লয়া মাদুৰীয়ে আজি জকাই সংৰক্ষীত বনাঞ্চলত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

উক্ত আঁচনিৰ অধীনত জকাই সংৰক্ষীত বনাঞ্চলত ২৫,০০০ টা গছপুলি ৰোপণ কৰা হ’ব।

তিনিটা পৰ্যায়ত হ’ব লগীয়া এই কাৰ্যসূচীৰ অধীনত জিলাখনৰ চৰকাৰী ৰাজহ ভূমি, গ্ৰেজিং মাটী আৰু চাপৰিসমূহত গছ পুলি ৰোৱা হ’ব।

এই সম্পৰ্কত মাদুৰীয়ে কয়, ‘মুখ্য মন্ত্ৰী মহোদয়ৰ লগত হোৱা আলোচনাৰ পিছত তেওঁ আমাক ১০ লাখ গছপুলি ৰোপণৰ এক অভিলাষী আঁচনি ল’বলৈ আহ্বান জনাইছিল। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৫ জুনত তেওঁ জিলাখনত  গছপুলি ৰোপণ কাৰ্যসূচীত অংশ ল’ব।‘

উল্লেখযোগ্য যে কোনোধৰণৰ চৰকাৰী অনুদান অবিহনে ডিব্ৰুগড় প্ৰশাসনে হাতত লোৱা এই কাৰ্যসূচীৰ প্ৰতি অইল ইণ্ডিয়া লিমিটেডে ১০ লাখ টকা আগবঢ়োৱাৰ আশ্বাস দিছে বুলি মাদুৰীয়ে লগতে জানিবলৈ দিয়ে।

উপায়ুক্ত গৰাকীয়ে এই অভিলাষী কাৰ্যসূচীক সাফল্যমণ্ডিত কৰি তোলাৰ উদ্দেশ্যে স্থানীয় স্বেস্বাসেৱী সংগঠন, সামাজিক সংগঠন তথা নাগৰিকসলকল জিলা প্ৰশাসনক সহযোগ কৰিবলৈ আহ্বান জনাইছে।

Related News