বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত শদিয়াৰ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত আজিৰ পৰা আৰম্ভ হ’ল হাতী ছাফাৰি। এই হাতী ছাফাৰিৰ শুভ উদ্বোধন কৰে বন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই । এ’ভাৰগ্ৰীন আৰ্থ, ছৈখোৱা বন্যপ্ৰাণী সংৰক্ষণ বিভাগ আৰু হাতীঘুলি পৰিৱেশ কমিটীৰ যুটীয়া প্ৰচেষ্টাত এই হাতী চাফাৰিৰ কাৰ্য্যসূচীটো ৰূপায়ণ কৰা হৈছে। শুভাৰম্ভণি অনুষ্ঠানত বন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ লগতে শদিয়াৰ বিধায়ক বলীন চেতিয়াও উপস্থিত আছিল। উল্লেখযোগ্য যে পূৰ্বতে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত হাতীৰ ছাফাৰিৰ সুবিধা নথকাৰ বাবে দেশী-বিদেশী পৰ্যটকসকল বনৰীয়া ঘোঁৰা চোৱাত অসুবিধাৰ সন্মুখীন হৈছিল। অনহাতে জীপ ছাফাৰি কৰিব পৰাকৈ ৰাস্তা-ঘাটৰ অৱস্থা উন্নত নহয়। জানিব পৰা মতে এই পৰ্য্যন্ত উদ্যানখনত কেৱল নাও ছাফাৰি আৰু ট্ৰেকিংৰ ব্যৱস্থা আছিল। হাতী ছাফাৰিৰ সংযোজনে ইয়াত এক নতুন মাত্ৰা দিব বুলি আশা কৰা হৈছে। আজি পুৱাৰ ভাগত বিদেশী পৰ্যটকসকলক বিভিন্ন জীৱ-জন্তুৰ লগতে বনৰীয়া ঘোঁৰা দেখি সন্তুষ্টি প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছিল।
ডিব্ৰু -ছৈখোৱাত হাতী চাফাৰিৰ শুভাৰম্ভ
-
By NE NOW NEWS
- Categories: অসম
Related Content
প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰকঃ ডি ৱাই এফ আই
By
এন ই নাও নিউজ ব্যুৰো
September 16, 2024 7:42 pm
এটাও পৰীক্ষা নিকাকৈ পাতিব নোৱাৰে চৰকাৰে! ভাইৰেল হ’ল ১৫ ছেপ্তেম্বৰৰ ADRE ৰ প্ৰশ্নকাকত
By
এন ই নাও নিউজ ব্যুৰো
September 16, 2024 6:23 pm
মিছামাৰী সামৰিক ষ্টেচনত ডিফেন্স ৰিচাৰ্চ লেবৰেটৰীৰ উদ্যোগত পানী বিশুদ্ধকৰণ প্ৰযুক্তি সন্দৰ্ভত প্ৰশিক্ষণ কাৰ্যসূচী
By
এন ই নাও নিউজ ব্যুৰো
September 16, 2024 4:38 pm
তালাচীৰ নামত পৰীক্ষাৰ্থীৰ শ্লীলতা হানি সন্দৰ্ভত মানৱ অধিকাৰ আয়োগক অভিযোগ আপৰ
By
এন ই নাও নিউজ ব্যুৰো
September 16, 2024 3:38 pm
এক দেশ-এক নিৰ্বাচনৰ দ্বাৰা কাৰ কিমান লাভ? কোন দেশত আছে এই আৰ্হি, ভাৰতত প্ৰত্যাহ্বান কি?
By
এন ই নাও নিউজ ব্যুৰো
September 16, 2024 2:49 pm
স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৭২ ঘন্টীয়া অনশনৰ সামৰণি
By
এন ই নাও নিউজ ব্যুৰো
September 16, 2024 1:06 pm