ডিব্ৰু ছৈখোৱাৰ মাগুৰি-মতাপুং বিলত মেটেকাৰ মাজত উদ্ধাৰ ১৫টাকৈ বনৰীয়া ম’হৰ মৃতদেহ

সোমবাৰে ডিব্ৰু নদীৰ সুঁতিত মেটেকাত আবদ্ধ হৈ তিনিচুকীয়া জিলাৰ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ১৫ টাকৈ বনৰীয়া ম’হৰ মৃত্যু হোৱা ঘটনাই অঞ্চলটোৰ প্ৰকৃতিপ্ৰেমী সকলক মৰ্মাহত কৰি তুলিছে।

উল্লেখযোগ্য যে ডিব্ৰু নদীৰ কলীয়াপানী ঘাটটোত ডিব্ৰু নদীৰ বাঢ়নী পানীত মেটেকা উঠি আহি ঘাটটো মেটেকাৰে ভৰি পৰিছিল। পৰৱৰ্তী সময়ত পুনৰ ডিব্ৰু নদীৰ জল স্তৰ বৃদ্ধি পোৱাত দেশী বিদেশী পক্ষীৰ অন্যতম বিচৰণ স্থলী মাগুৰী মতাপুং বিলৰ মেটেকা উঠি গৈ কলিয়াপানীঘাটৰ ডিব্ৰু নদীৰ সুঁতিটো ঠাহ খাই পৰে।

আনহাতে মাগুৰি মতাপুং বিল মেটেকাৰে ভৰি পৰাত পৰ্যটনত বাধাৰ সৃষ্টি হোৱাৰ লগতে অঞ্চলটোৰ মৎস্যজীৱী পৰিয়ালৰ হাহাকাৰ হোৱাত স্থানীয় ৰাইজে মেটেকা চাফা কৰাৰ সিদ্ধান্ত লয় আৰু সোমবাৰে এই মেটেকা চাফা কৰোতে মেটেকাৰ মাজত আবদ্ধ হৈ ১৫ তাকৈ ম’হৰ মৃত্যু হোৱাৰ ঘটনা পোহৰলৈ আহে। লগতে স্থানীয় ৰাইজে এতিয়াও মতাপুং বিলত বহু কেইটা ম’হ মেটেকাৰ মাজতে আবদ্ধ হৈ থকাৰ সন্দেহ প্ৰকাশ কৰিছে।

মন কৰিব লগীয়া যে অঞ্চলটোৰ এজন প্ৰকৃতিপ্ৰেমী যুৱকে মেটেকা চাফা কৰিবলৈ তিনিচুকীয়া বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ গৰাকীক তিনিদিন পূৰ্বে অৱগত কৰিছিল যদিও ডি এফ অ’ গৰাকীয়ে মেটেকা চাফা কৰাৰ বাবে ফাণ্ড নথকা বুলি জনায়।

আনহাতে মতাপুং বিলৰ জমা হোৱা মেটেকা সমূহ স্থানীয় ৰাইজে আঁতৰবালৈ চেষ্টা কৰিছে কিন্তু এই ক্ষেত্ৰত এতিয়ালৈকে চৰকাৰ তথা প্ৰশাসনেও কোন ব্যৱস্থা গ্ৰহণ নকৰাত স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰিছে।

লগতে তেওঁলোকে বন মন্ত্ৰী তথা স্থানীয় জনপ্ৰতিনিধি বন বিষয়াক ঘটনাস্থলীত উপস্থিত হৈ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

ইফালে ইয়াৰ পিছতো যদি চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ’লে স্থানীয় ৰাইজ তথ প্ৰকৃতিপ্ৰেমী সংগঠনে ইয়াৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে।