ডিব্ৰ্ৰুগড়ত কৃষি উদ্যান শস্যমেলা ২০১৮

প্ৰথমবাৰৰ বাবে ডিব্ৰ্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত অনুষ্ঠিত কৰা হ’ব আন্তঃৰাষ্টীয় কৃষি উদ্যান শস্য মেলা। অহা ৫,৬,৭, আৰু ৮ জানুৱাৰি, ২০১৮ ত অসম কৃষি বিশ্ববিদ্যালয়, ভাৰতীয় বাণিজ্য মহাসংঘ আৰু নাবাৰ্ডৰ সহযোগত আৰু অসম চৰকাৰৰ কৃষি বিভাগ, উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগৰ উদ্যোগত এই কৃষি উদ্যান শস্য মেলাখন অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে কৃষি বিভাগৰ তথ্য বিষয়া দীপক তামুলীয়ে । মেলাখনৰ মুখ্য উদ্দেশ্য হ’ব আধুনিক কৃষি প্ৰযুক্তিৰ জাতীয়  আৰু আন্তৰ্জাতিক উৎকৰ্ষতাৰ প্ৰদৰ্শনৰ লগতে কৃষি, উদ্যান শস্য, পশুপালন, জলসিঞ্চন, মীন, দুগ্ধ উন্নয়ন, ৰেচম, বয়ন তথা কৃষি সহযোগী খণ্ডসমূহৰ প্ৰদৰ্শন। এই উদ্যান শস্যমেলাৰ লগত সংগতি ৰাখি কৃষি তথা কৃষি সহযোগী খণ্ডসমূহৰ ওপৰত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ আলোচনা চক্ৰ, কৰ্মশালা, কৃষক প্ৰশিক্ষণৰ কাৰ্য্যসূচী থাকিব। লগতে থাকিব ক্ৰেতা–বিক্ৰেতাৰ সন্মিলন। ফুল, ফল-মূল, শাক-পাচলি, বনচাই, পুষ্পজ্জা, ঔষধি উদ্ভিদৰো প্ৰদৰ্শনী তথা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব বুলি কৃষি বিভাগৰ পৰা জানিবলৈ দিছে।

সূত্ৰটোৱে জানিবলৈ দিয়ামতে মেলাখনৰ উদ্বোধনী অনুষ্ঠানটোত অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যপাল জগদীশ মুখি, কৃষি মন্ত্ৰী অতুল বৰা উপস্থিত থকাৰ কথা। লগতে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত তথা কৃষি বিষয়াসকল উপস্থিত থাকিব।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে অসম আন্তঃৰাষ্টীয় কৃষি–উদ্যান শস্য মেলা চাৰিবাৰকৈ গুৱাহাটী খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈছিল।