ডিমাপুৰত আতচবাজী বিৰোধী সজাগতামূলক অভিযান

শুক্ৰবাৰে ডিমাপুৰত আতচবাজী মুক্ত বৰদিন আৰু নৱবৰ্ষ উদযাপনৰ উদ্দেশ্যে ‘ছে ন’ টু ক্ৰেকাৰচ’ নামেৰে এখন সজাগতামূলক অনুষ্ঠানৰ উদ্বোধন কৰা হয়। আতচবাজী ফুটাই হয়তো কিছু লোকে আনন্দ লাভ কৰিব পাৰে কিন্তু বহুতে ইয়াৰ ফলত যথেষ্ট হাৰাশাস্তি ভুগিব লগীয়া হয়। সেয়ে এক আতচবাজী মুক্ত পৰিৱেশ গঢ়াৰ উদ্দেশ্যে নাগালেণ্ড প্ৰদুষণ নিয়ন্ত্ৰণ ব’ৰ্ডে ডিমাপুৰৰ স্বেচ্চাসেৱী সংগঠন ‘কিলিনিং ব্ৰাডাৰ্চ’ক লগত লৈ শুক্ৰবাৰে ডিমাপুৰৰৰ চাৰ্চ ৰোডৰ পৰা চিটি টাৱাৰ পইণ্টলৈকে ‘ছে ন’ টু ক্ৰেকাৰচ’ নামৰ উক্ত সজাগতা মূলক প্ৰচাৰ অভিযানৰ আয়োজন কৰে।

অভিযানটোৰ মূল বিষয় সমূহ আছিল- এক আতচবাজী মুক্ত বৰদিন আৰু নৱবৰ্ষ উদযাপন, কোৰ্হাল আৰু ধোঁৱাৰ পৰিৱৰ্তে ঘৰ বিলাকক প্ৰাৰ্থনা আৰু পোহৰেৰে ভৰাই তোলাৰ আহ্বান আৰু হুলস্থলৰ পৰিৱৰ্তে শান্তিৰে আগন্তুক নৱবৰ্ষ তথা বৰদিন উদযাপনৰ আহ্বান। সকলো লোককে আতচবাজী ফুটোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় উক্ত প্ৰচাৰ অভিযানটোত বিভিন্ন স্বেচ্চাসেৱী সংগঠনৰ সদস্য তথা সৰ্বসাধাৰণ ৰাইজে অংশ গ্ৰহণ কৰে। আনহাতে ডিমাপুৰ নগৰ পৰিষদ অধ্যক্ষ মণ্ডলে ডিমাপুৰৰ নাগৰিক সকলক উৎসৱৰ সময়ত আতচবাজীৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিয়ে। এক জাননী যোগে ডিমাপুৰ নগৰ পৰিষদ অধ্যক্ষ মণ্ডল আতচবাজীৰ সম্পূৰ্ণ বিৰোধী বুলি জানিবলৈ দি ডিমাপুৰৰ লোকসকলক আতচবাজীৰ পৰা হ’ব পৰা বিভিন্ন ধৰণৰ স্বাস্থ্য আৰু পৰিৱেশৰ ক্ষতিৰ সম্পৰ্কে অৱগত কৰে। এন এছ চি এন (আই এম)এ আতচবাজীৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰাক আদৰণি জনায় পৰিষদে আশা প্ৰকাশ কৰে যে সহস্ৰ সংগঠনটোৰ এই নিষেধাজ্ঞাই ৰাজ্যখনলৈ অহা আতচবাজীৰ যোগানক বাধা দিব। সংগঠনটোৱে বিভিন্ন সম্প্ৰদায় তথা কলনি পৰিষদ আদিৰ নেতাক তেওঁলোকৰ সংশ্লিষ্ট অঞ্চল সমূহত যাতে আতচবাজী ফুটোৱা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আহ্বান জনায়।